গ্ল’বেল ইউনিভার্ছ সৌন্দর্য প্রতিযোগিতাত উজলিল সংঘমিত্রা

দুটাকৈ বঁটা জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে অসমৰ মডেলে

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কলম্বোত অলপতে অনুষ্ঠিত গ্ল’বেল ইউনিভার্ছ সৌন্দর্য প্রতিযোগিতাত উজলি উঠিছে অসমৰ মোহময়ী মডেল সংঘমিত্রা ডেকা ৷ এক ডিচেম্বৰত সামৰণি পৰা সৌন্দর্য প্রতিযোগিতাখনত তেওঁ কুইন দ্বিতীয় ৰানার্ছআপ খিতাপ জয় কৰিবলৈ সক্ষম হয় ৷ তদুপৰি তেওঁ উক্ত ইভেণ্টৰ মিছেছ এলিজেন্স এৱার্ডো লাভ কৰে ৷ উল্লেখ্য যে শ্রীলংকাৰ পর্যটন মন্ত্রালয়ৰ সহযোগত আয়োজিত সন্মানীয় সৌন্দর্য প্রতিযোগিতাখনত গুৱাহাটীৰ সুন্দৰী মডেল সংঘমিত্রা ডেকাই ভাৰতক প্রতিনিধিত্ব কৰিছিল ৷ প্রয়াত কনক চন্দ্র ডেকা আৰু ইৰা ডেকাৰ কন্যা সংঘমিত্রা ডেকা মডেলিঙৰ লগতে গুৱাহাটীত বিভিন্ন সামাজিক কাম–কাজৰ সৈতেও ওতপ্রোতভাৱে জড়িত ৷ শ্রীলংকাত অনুষ্ঠিত সন্মানীয় সৌন্দর্য প্রতিযোগিতাখনত দুটাকৈ খিতাপ জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা সংঘমিত্রাৰ এই সাফল্যই ৰাজ্যৰ মডেলিং জগতক উৎফুল্লিত কৰি তুলিছে ৷

Featured