গড়মূৰত অর্ধশতাধিক সন্দেহজনক বাংলাদেশী বনুৱাক গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ অব্যাহত থকাৰ মাজতে সন্দেহজনক বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে সৰব স্থিতি লৈছে যোৰহাটবাসীয়ে ৷ জিলাখনৰ বিভিন্ন স্থানত চলি থকা নির্মাণ কার্যত যাতে কোনো সন্দেহজনক বাংলাদেশী নাগৰিকে কাম কৰিব নোৱাৰে তাৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখিছে জনসাধাৰণে ৷ শুকুৰবাৰে একাংশ লোকে যোৰহাট গড়মূৰৰ এটা নির্মীয়মান অট্টালিকাত বনুৱা হিচাপে কাম কৰি থকা ৫০ জনতকৈয়ো অধিক লোকক গড়মূৰ আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশ–আফগানিস্তান আৰু পাকিস্তানত ধর্মীয় উৎপীড়নৰ বলি হোৱা একাংশ লোকক ভাৰতত নাগৰিকত্ব প্রদানৰ কুঁচকাৱাজ চলাই থকাৰ মাজতে এই পদক্ষেপে তাৎপর্য বহন কৰিছে ৷

Featured
Comments (0)
Add Comment