ঘোঁৰামাৰীত বিজেপিৰ ৰঙাপৰা সমষ্টিভিত্তিক পৰ্যালোচনা সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩০ মে’ : ভাৰতীয় জনতা পাৰ্টীৰ ৰঙাপৰা বিধানসভা সমষ্টিভিত্তিক এখন পৰ্যালোচনা সভা আজি ঘোঁৰামাৰীৰ জ্যোতি-বিষ্ণু ভৱনত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টী, শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়াৰ সভাপতিত্বত আৰু ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা সভাখনত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক, ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, সমষ্টিৰ সকলো মৰ্চাৰ দলীয় কৰ্মী, নেতা উপস্থিত থাকে । সভাখনত অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাত অংশগ্ৰহণ কৰিবলগীয়া কাউন্টিং এজেন্টসকলৰ সৈতেও মত বিনিময় কৰা হয় ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured