চিআৰপিৰ চাৰি বিষয়া জোৱানসহ ১২জনক গ্রেপ্তাৰ

মৰিগাঁৱৰ চাঞ্চল্যকৰ ডকাইতিৰ ৰহস্য ফাদিল

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ মৰিগাঁৱৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ৰহস্য প্রকাশ হোৱাৰ লগতে এই ঘটনাত জড়িত ১১জনক আৰক্ষীয়ে গ্রপ্তাৰ কৰিছে ৷ যাৰ ভিতৰত গুৱাহাটীস্থিত নমাইল চি আৰ পি এফ গ্রুপ চেণ্টাৰৰ ৪জনকৈ চি আৰ পি বিষয়া জোৱান–কর্মচাৰী আছে ৷ ভুৱা গোচৰ দি বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগত নিশাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ডকাইতি কাণ্ডৰ মূল অভিযোগকাৰী নুৰ মহম্মদ আৰু জোঁৱায়েক ইমাৰুফ হুইেনক ৷ ইমাৰুফ হুছেইনে পৰহি নিশা মৰিগাঁৱৰ পৰা নগাঁও জিলাৰ ভকচংলৈ ব্যৱসায়িক কামত যাত্রা কৰাৰ সময়ত চি আৰ পি এফৰ এটা দলে বাট আগতি ধৰি ১২ লাখ টকা লুট কৰা বুলি ধৰমতুল থানাত গোচৰ দিছিল ৷ ঘটনা সম্পর্কে অৱগত হোৱাৰ লগে লগে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাৰ নেতৃত্বত ওৰেনিশা কেইবাটাও স্থানত অভিযান চলাই ডকাইতি কার্যত ব্যৱহৃত এখন বাহন আৰু নগদ ২২ হাজাৰ টকা উদ্ধাৰ কৰা হয় ৷

গ্রেপ্তাৰ হয় আবুব্বকৰ ছিদ্দিক, আজিবুদ্দিন আহমেদ, জাকিৰ হুছেইন, শ্বাহিদুল ইছলাম, শ্বাহৰুখ আলম চৌধুৰী আৰু জাহিৰুল হক৷ আৰক্ষীৰ জেৰাত এই ছয় অভিযুক্তই মুখ খোলাৰ লগে লগে একপ্রকাৰ হতবাক হৈ পৰে আৰক্ষী৷ কাৰণ সমস্ত ঘটনাটোৰ মূল কাৰণ আছিল ক’লা টকা বগা কৰা এই চক্রটো আৰু অভিযোগকাৰী ইমাৰুফ হুছেইনৰ মাজত ধনকেন্দ্রিক সংঘাত ৷ এই বিষয়ে অৱগত আছিল ইমাৰুফৰ শহুৰেক নুৰ মহম্মদ৷ আনহাতে, প্রৱঞ্চক চক্রটোৰ অন্যতম সহযোগী তথা মাষ্টাৰ মাইণ্ড আছিল গুৱাহাটীৰ ন মাইলস্থিত চি আৰ পি এফ গ্রুপ চেণ্টাৰৰ কর্তব্যৰত জোৱান জিয়াউল আহমেদ৷ জিয়াউল আৰু বৰুৱা উপাধিৰ চি আৰ পিৰ পৰিদর্শক এজনৰ নেতৃত্বত আন দুজন কনিষ্টবল বিহাৰৰ মিণ্ঢু কুমাৰ আৰু আশ্বিফ নৱাজে নিশা প্রৱঞ্চক দলটোৰ নির্দেশত ইমাৰুফ হুছেইনৰ পৰা প্রায় ১ লাখ ৩৩ হাজাৰ টকা লুট কৰি নিছিল ৷

অত্যন্ত জটিল গোচৰটোৰ অনুসন্ধান কৰি সফলতা লাভ কৰাৰ পিছত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষীয়ে প্রথমৰে পৰা সন্দেহৰ আৱর্তত ৰাখিছিল দুই অভিযোগকাৰী নুৰ মহম্মদ আৰু জোঁৱায়েক ইমাৰুফ হুছেইনক৷ কিয়নো ডকাইতি হোৱাৰ কিছু সময় পূর্বৰে পৰা ইমাৰুফে প্রৱঞ্চক চক্রটোৰে ম’বাইলত যোগাযোগ কৰি আছিল ৷ ১২ লাখ টকা লুট হোৱা সম্পূর্ণ ঘটনাটোক নাটক আখ্যা দি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে প্রকৃততে শহুৰেক নুৰ মহম্মদে প্রৱঞ্চক চক্রটোক দিবলৈ জোঁৱায়েক ইমাৰুফৰ হাতত চাৰে পাঁচ লাখ টকা পঠিয়াইছিল৷ যিখিনি টকাৰ বিনিময়ত এক বিশেষ ৰাসায়নিক দ্রব্যৰ সহায়ত ৫০ লাখ টকা আদায় দিব বুলি প্রৱঞ্চকৰ দলটোৱে কথা দিছিল ৷

কিন্তু পৰৱর্তী সময়ত ধন আদায় দিবলৈ যাওঁতে দমাল দলঙৰ সমীপত প্রৱঞ্চক দলটোৰে ইমাৰুফৰ মতানৈক্য হয় আৰু ধন আদায় নিদিয়াকৈ নিজৰ ছুইফট ডিজায়াৰ গাড়ীখনেৰে মৰিগাঁও অভিমুখে যাত্রা কৰে৷ কিছু সময় পিছতে প্রৱঞ্চক দলটোৰ নির্দেশত পূর্বৰে পৰা খাপ পিটি থকা চি আৰ পি এফ দলটোৱে ইমাৰুফৰ গাড়ীখন আগচি ধৰি গাড়ীৰ পৰা ১ লাখ ৩৩ হাজাৰ টকা লুট কৰে৷ উল্লেখ্য, আদায় নিদিয়া চাৰে পাঁচ লাখ টকা দুটা পেকেট কৰি ইমাৰুফে গাড়ীত লৈছিল৷ যাৰ বাবে ডকাইতৰূপী চি আৰ পিৰ দলটোৱে এটা পেকেটহে হস্তগত কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ৩ লাখ ৩৩ হাজাৰ ১০০ টকা ইমাৰুফে শহুৰেক নুৰ মহম্মদৰ হাতত গতাই দি আৰক্ষীক ১২ লাখ লুট হোৱা বুলি গোচৰ দিয়ে৷ তাৎপর্যপূর্ণভাৱে সহজে ধন ঘটাৰ তাগিদাত ইমাৰুফ আৰু আবুবক্কৰ ছিদ্দিক নামৰ মিস্ত্রীজনে পূর্বেও ৬ লাখৰো অধিক টকা এই প্রৱঞ্চক চক্রটোক আদায় দিছিল৷ শেহতীয়াভাৱে ডকাইতিত জড়িত চি আৰ পিৰ পৰিদর্শক উমেশ বৰুৱাক আৰক্ষীয়ে দৰঙৰ পৰা গ্রেপ্তাৰ কৰে ৷

Featured
Comments (0)
Add Comment