চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত ৩ উগ্ৰপন্থী গ্ৰেপ্তাৰ

চিৰাং, ১২ নৱেম্বৰঃ মঙলবাৰে চিৰাঙৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলায় । এই অভিযান কালত মাৰণাস্ত্ৰসহ ৩ জনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সেনাৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা সদস্যকেইজন ক্ৰমে নৰেন বসুমতাৰী, দহো দৈমাৰী আৰু ছায়াৰাম । ইপিনে সেনাই সদস্যকেইজনৰ পৰা এটা বন্দুক, চাৰিজাই সজীৱ গুলী উদ্ধাৰ কৰে ।

Featuredindian armyNDFB-S