চুকাফা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত অন্নদান

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ অসম দিৱস অর্থাৎ চুকাফা দিৱস উপলক্ষে শিৱসাগৰৰ পশ্চিম যমুনা ৰোডৰ সন্মিলিত যুৱক বৃন্দৰ সৌজন্যত মন্দিৰ পথত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত অন্ন দান নামেৰে এক কাৰ্যসূচী ৰূপায়ন কৰা হয় । নগৰখনৰ বাট পথত জীৱন কটোৱা বিভিন্ন জন লোকক আৰু শিশুক এমুঠি অন্ন যোগান ধৰে এইসকল যুৱকে ।

বৰ অসমৰ ভেটি নিৰ্মাণ কৰা স্বৰ্গদেউ চুকাফাৰ মহৎ গুণেৰে অনুপ্রাণিত এই যুৱক সকলৰ এনে কর্মক শলাগ লৈছে বহুজনে ।

Featured