চোৰাং সোণ সৰবৰাহৰ অভিকেন্দ্ৰ গুৱাহাটী !

গুৱাহাটী ষ্টেচনত দুবছৰত ২৬.৭১ কোটি মূল্যৰ ৬৬.৭৭৫ কেজি সোণ জব্দ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী চক্ৰৰ অভিকেন্দ্ৰ হৈ পৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী । ৰাজনৈতিক আশিসপুষ্ট এই শক্তিশালী চোৰাং সোণ সৰবৰাহকাৰী চক্ৰটোৱে ন ন কৌশলেৰে গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন স্থানলৈ সোণ সৰবৰাহ কৰি আহিছে । চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা এই চক্ৰটোৱে ৰে’লেৰে গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন স্থানলৈ চোৰাং সোণ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে আৰপিএফ আৰু জিআৰপিএছৰ অভিযানত সোণসহ কেইবাজনো সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে । তথ্য অনুসৰি বিগত দুটা বছৰত গুৱাহাটী ষ্টেচনত চোৰাং সোণ সৰবৰাহকাৰী চক্ৰটোৰ পৰা ৰে’ল আৰক্ষীয়ে ২৬.৭১ কোটি টকা মূল্যৰ ৬৬.৭৭৫ কেজি সোণ জব্দ কৰিবলৈ সক্ষম হৈছে । ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ ২০ নৱেম্বৰ তাৰিখলৈকে আৰপিএফ আৰু জিআৰপিএছৰ অভিযানত গুৱাহাটী ষ্টেচনত জব্দ কৰা হৈছে এই বৃহৎ পৰিমানৰ সোণ ।

তথ্য অনুসৰি ২০১৭ চনৰ ৬ নৱেম্বৰত ৰে’ল আৰক্ষীৰ অভিযানত ৮২৯.০৪ গ্ৰাম আৰু ১২ ডিচেম্বৰত ১৯.৯০৪ কেজি ৪৮ টুকুৰা সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হৈছিল । ২০১৮ চনত চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা গুৱুহাটী ষ্টেচনত ১৫ মাৰ্চত ১৪৯৪ গ্ৰাম. ১৬ মাৰ্চত ১০৯৪ গ্ৰাম, ২৩ মাৰ্চত ১৯৯২.৩১ গ্ৰাম, ১২ এপ্ৰিলত ৩৩১.৯১ গ্ৰাম, ১৩ এপ্ৰিলত ৯৯৬.১৮ গ্ৰাম আৰু ১৯,৯০৩.৩৬ গ্ৰাম সোণৰ বিস্কুট জব্দ কৰিছিল । উক্ত বছৰৰ ১৩ জুনত ৪০৬৩.৭০ গ্ৰাম, ২০ ছেপ্টেম্বৰত ৪০৩.৪২ গ্ৰাম, ২২ অক্টোবৰত ৭৯৯৮.৬৫ গ্ৰাম সোণ জব্দ কৰিবলৈ সক্ষম হৈছিল । ২০১৮ বৰ্ষত ৰে’ল আৰক্ষীয়ে মুঠ ৩৮.২৭৭ কেজি সোণ জব্দ কৰিবলৈ সক্ষম হৈছিল । একেদৰে চলিত বৰ্ষৰ ২ মাৰ্চত ৪৯৯.১৭ গ্ৰাম, ২৮ মাৰ্চত ১২৯.৭৫ গ্ৰাম, ২৮ এপ্ৰিলত ১৩২৬.২৫ গ্ৰাম, ৪ নৱেম্বৰত ৬৬৩.৩০ গ্ৰাম, ৯ নৱেম্বৰত ৩৩২১.২২ গ্ৰাম, ১০ নৱেম্বৰত ৯৯৬.০৭ গ্ৰাম, ১৮ নৱেম্বৰত ৯৯৬.০৭ গ্ৰাম সোণ চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ।

আনহাতে ৰে’ল আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী চক্ৰটোৱে ম্যানমাৰৰ পৰা সোণৰ ব্যৱসায়ীক যোগান ধৰে । এই চোৰাং সোণখিনি লাখটকীয়াৰ কেইখনমান দোকানত গলাই কৰ ফাঁকিৰে গ্ৰাহকক বিক্ৰী কৰি আহিছে । তদুপৰি এই চক্ৰটোৱে গুৱাহাটীত গঢ়ি তুলিছে নকল সোণৰ এখন বৃহৎ বজাৰ । বহু গ্ৰাহকে নকল সোণ ক্ৰয় কৰি লাখটকীয়াৰ কেইবাখনো সোণৰ বিপণীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীক গোচৰ দিছে । চোৰাং সোণ সৰবৰাহকাৰী চক্ৰটোৱে চোৰাং সোণ গলাই হলমাৰ্ক দিবলৈ বাধ্য কৰোৱা সোণৰ বিপণীত কৰ্মৰত কেইবাজনো কেমিষ্টে জেললৈ যোৱাৰ ভয়ত চাকৰি এৰিছে । কৰ ফাঁকিৰে গুৱাহাটীত চোৰাং সোণ ব্যৱসায় চলোৱা এই শক্তিশালী চক্ৰটোৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ।

Featuredgold biscuit seized in guwahati