চৰাই নিধন কৰিলে ৫০০০ টকাৰ জৰিমনা , হ’ব এঘৰীয়া

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ বসতিস্থল হৈ পৰে টিংখাঙৰ গেলা-দিচাং কদমনি বিল । নীলাৰঙী কাম চৰাইৰ স্থায়ী বসতিস্থলত পৰিণত হোৱা গেৱা-দিচাং কদমনি বিললৈ শীতকাল আহিলেই আগমন ঘটে ভিন্ন পৰিভ্ৰমী পক্ষী । এই মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ কদমনি বিললৈ দূৰ-দূৰণিৰ পৰা আহে বহু প্ৰকৃতিপ্ৰেমী । মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষীকুলৰ নৃত্য-ভংগীমাই আকৰ্ষণ কৰে সকলোকে । আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বিলৰ পক্ষীকুলৰ সংৰক্ষণৰ বাবে স্থানীয় ৰাইজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ।

বিলখনত আশ্ৰয় গ্ৰহণ কৰা পক্ষীকুলক ৰক্ষণা-বেক্ষণ দিবলৈ স্থানীয় লোকসকলে গঢ়ি তুলিছে পক্ষী সুৰক্ষা সমিতি , প্ৰস্তুত কৰিছে এখন কটকটীয়া আইন । আইন অনুসৰি কেনো লোকে এটা চৰাই নিধন কৰিলে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা । একেজন ব্যক্তিয়ে তিনিবাৰ চৰাই নিধন কৰাৰ প্ৰমাণ পালে পক্ষী সুৰক্ষা সমিতিয়ে এঘৰীয়া কৰিব সমাজৰ পৰা । যাৰ ফলস্বৰূপে কদমনি বিলত বৃদ্ধি পাইছে কাম চৰাইৰ সংখ্যা । কদমনি বিলক এখন সুন্দৰ পক্ষী উদ্যান হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আছে ১০০ শতাংশই সম্ভাৱনা। বিলখনৰ সৌন্দৰ্যবৰ্দ্ধন কৰি পৰিকল্পিত ৰূপত সজাই-পৰাই পক্ষী উদ্যান হিচাপে গঢ় দিবলৈ পৰিবৰ্তনকামী চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Featured
Comments (0)
Add Comment