ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা ৬ বিষয়াক বদলি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ‘কা’বিৰোধী প্রতিবাদক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য দি বদলিৰ সন্মুখীন হ’ল ৰাজ্য প্রশাসনৰ ছগৰাকীকৈ এ চি এছ বিষয়া৷

প্রতিবাদী আন্দোলনৰ মাজতে চৰকাৰক অস্বস্তিত পেলাই বিষয়াকেইগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রকাশ কৰা মন্তব্যৰ পাছতে পার্ছনেল বিভাগে অলপতে এক নির্দেশযোগে বিষয়াকেইজনক বদলি কৰে৷

ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগৰ সচিব বিনীতা পেগুৱে শেহতীয়াকৈ জাৰি কৰা উক্ত নির্দেশ অনুসৰি বদলিৰ সন্মুখীন হোৱা বিষয়াকেইজন হ’ল উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব উপলা শইকীয়া, অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকন, সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব দেৱজিৎ খনিকৰ, কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালী, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী বিভাগৰ উপ–সচিব অনুজ ভূঞা৷ অৱশ্যে এই বদলিসমূহ নিয়মীয়া বদলি বুলি কোৱা হৈছে যদিও চর্চালৈ আহিছে সমগ্র বিষয়টো৷

মন কৰিবলগীয়া যে ‘কা’বিৰোধী আন্দোলনত কোনোৱে যাতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অপপ্রচাৰ চলাব নোৱাৰে, তাৰ বাবে ৰাজ্য প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ সেয়াই নহয়, ছ’চিয়েল মিডিয়াত মন্তব্যৰ ক্ষেত্রত সতর্কতা অৱলম্বনৰ বাবে অসম আৰক্ষীয়েও আহ্বান জনাইছিল৷ এনে অৱস্থাৰ মাজতে চৰকাৰক অস্বস্তিত পেলাই খোদ চৰকাৰী বিষয়াই ছ’চিয়েল মিডিয়াত দিয়া পোষ্টে স্বাভাৱিকতে সমগ্র বিষয়টোৱে যথেষ্ট বিতর্কৰ সৃষ্টি কৰে৷

Assam Govt.CAA ProtestFeatured
Comments (0)
Add Comment