ছছিয়েল মিডিয়াত ভুৱা বাতৰি শ্বেয়াৰ কৰা লোকসকলৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা লোৱা হবঃ মহানগৰ আৰক্ষী

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ হিংসাৰ দাৱনালত জ্বলি উঠিছে নতুন দিল্লী। এতিয়ালৈকে হোৱা হিংসাত্মক সংঘৰ্ষত ৩৫ জন লোকৰ প্ৰাণহানি হৈছে। দিল্লীত সেই সংঘৰ্ষৰ পিছতেই অসমতো তেনেধৰণৰ পৰিস্থিতি সৃষ্টি হ’ব পৰা আশংকা কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে অসমত একাংক লোকে ছছিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভুৱা সংঘৰ্ষ ফটো তথা ভিডিঅ’। বহুলোকে ছছিয়েল মিডিয়াত পুৰণি ভিডিঅ শ্বেয়াৰ কৰিছে নতুন দিল্লীৰ সংঘৰ্ষ বুলি। যাৰ পৰিপেক্ষিতত দিল্লী আৰক্ষীয়ে ইতিমধ্যেই স্পষ্টীকৰণ দিছে যে সেই সমূহ ভিডিঅ’ নতুন দিল্লীৰ নহয় বুলি।
যাৰ পৰিপেক্ষিতত অসম আৰক্ষীয়ে এনেধৰণৰ অপপ্ৰচাৰ ৰোধ কৰিবৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। যি সকল লোকে এনে ধৰণৰ কাৰ্যত লিপ্ত হয় তেওঁলোকৰ বিৰোধে আইনী ব্যৱস্থা লোৱা হ’ব।কামৰূপ আৰক্ষীয়ে সেই সন্দৰ্ভত ছচিয়েল মিডিয়াৰ যোগে সজাগতাৰ বাবে পোষ্ট দিছে। পোষ্টটোত আৰক্ষীয়ে উল্লেখ কৰিছে যে তেনেধৰণৰ ভিডিঅ’ দেখি ভোল নাযাবালৈ লগতে ছছিয়েল মিডিয়াত এনে ধৰণৰ পোষ্ট দেখা পাই তেন্তে কামৰূপ জিলাৰ আৰক্ষী অধিক্ষকক যোগাযোগ কৰিবলৈ আহ্বান কৰিছে। যোগাযোগ কৰা ফোন নম্বৰ সমূহ

Addl. SP (HQ) 9435041357,
Dy.S.P (HQ) 9864039133,
SDPO Rangia 8812917412

 

Comments (0)
Add Comment