জন্মদাত্ৰীৰ পাশৱিকতাঃ ডিব্রুগড়ত শিশুক হত্যা কৰি দলিয়ালে শৌচাগাৰলৈ

চাউলখোৱা ঘৰবন্দীচুকত জন্মদাত্রী পাষাণ মাতৃৰ অমানৱীয় কাণ্ডত সর্বত্র প্রতিক্রিয়া

নিয়মীয়া বার্তা,৭ ডিচেম্বৰঃ এগৰাকী পাষাণ মাতৃয়ে নিজ গর্ভত দহ মাহ দহ দিন লালন কৰাৰ পাছত কিমান পাষাণ হৃদয়ৰ হ’লে গর্ভজাত সদ্যোজাত দেৱশিশুক নিজ হাতে হত্যা কৰিব পাৰে ? এনে কার্য কৰোঁতে এবাৰো বাৰু দেৱশিশুটিৰ নিষ্পাপ মুখখনিয়ে সেই মাতৃগৰাকীক নিষ্ঠুৰ হোৱাৰ পূর্বে ভাবিবলৈ বাধ্য নকৰিবনে ? জন্মৰ পিছত নিজৰ বুকুৰ স্তন পান কৰোৱাই থকা এটি ২৭ দিনীয়া দেৱশিশুক মাতৃয়ে হত্যা কৰি শৌচাগাৰৰ গাঁতত পেলাই থৈ অহা এক অমানুষিক কাণ্ডই জোকাৰি যায় ডিব্রুগড জিলাৰ চাউলখোৱা ঘৰবন্দীচুক এলেকাক ৷ দেখিলেই বুকু কঁপি যোৱা এক ভয়াৱহ দৃশ্য ৷ নিজৰ বুকুৰ মাজৰ পৰা উলিয়াই আনি ২৭ দিনীয়া এটি দেৱশিশুক হত্যা কৰি শৌচাগাৰত পেলাই দিলে জন্মদাত্রী মাতৃয়ে ৷ এই পাষাণ মাতৃগৰাকীৰ নাম মজিদুন নেছা ৷ ডিব্রুগড জিলাৰ লাহোৱাল আৰক্ষী থানাৰ অন্তর্গত চাউলখোৱা ঘৰবন্দীচুকৰ চাজিদুল আলীৰ পত্নী মজিদুন নেছাই বৃহস্পতিবাৰে নিশা পৰিয়ালৰ আটাইবোৰ সদস্য শুই থকাৰ সময়ত এই নৃশংস কাণ্ড সংঘটিত কৰে ৷ শুকুৰবাৰে আৰক্ষীৰ জেৰাত এই কথা প্রকাশ কৰিছে পাষাণ মাতৃ মজিদুনে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নিশা মজিদুনে শুই থকা অৱস্থাত ক’লা কাপোৰ পৰিহিত কোনো লোকে তেওঁক ডিঙি চেপি ধৰা বুলি শোৱাপাটীতে ছটফটাই কাষতে শুই থকা স্বামী চাজিদুলক জানিবলৈ দিয়ে ৷ সেই অনুসৰি চাজিদুলেও বিছনাৰ পৰা উঠি আহি পত্নীক চোৱা–চিতা কৰোঁতেই চকুত পৰে যে পত্নীৰ কাষত একমাত্র জী ২৭ দিনীয়া মাহিৰা নাই ৷ তেতিয়াই ঘৰখনত একপ্রকাৰ লাগে হুৱাদুৱা ৷ আনহাতে, শুকুৰবাৰে পুৱা আৰক্ষীয়ে ঘটনা সন্দর্ভত পৰিয়ালৰ আটাইকেইজনক আটক কৰি সোধা–পোছা কৰাত প্রকৃত সত্য পোহৰলৈ আহে ৷ মানৱতাক জোকাৰি যোৱা এই নৃশংস কাণ্ডই সমগ্র ডিব্রুগড জিলাতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে দেৱশিশুটিৰ পিতৃ চাজিদুল আলী, বৰদেউতাক ইদুল আলী, ককাক সুভান আলী আটক কৰে ৷

Featured
Comments (0)
Add Comment