জাগুন-মাৰ্ঘেৰিটা-লিডুত ব্যাপক হাৰত চলিছে কয়লাৰ অবৈধ খনন-পৰিবহন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটক লৈ পুনৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ । বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত গগৈয়ে কয় যে জাগুন-মাৰ্ঘেৰিটা-লিডুত সাংঘাতিক ৰূপত পুনৰ কয়লা ছিণ্ডিকেট আৰম্ভ হৈছে । শ শ ট্ৰাকেৰে কয়লাৰ পৰিবহণ আৰম্ভ হৈছে । ইপিনে কয়লা ছিণ্ডিকেট সন্দৰ্ভত বিধায়ক সুৰেন ফুকনে কৰা ফেচবুক লাইভ কৰা প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে শাসকীয় দলৰ বিধায়কে কোৱাৰ পাছত আমি আৰু চৰকাৰক প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই ।

ইপিনে ঐতিহাসিক পাটকাই পাহাৰত চলি থকা কয়লা সন্দৰ্ভত অখিল গগৈয়ে কয় যে আজিক দিনটোতে পাটকাই পাহাৰত আৰাধৰা অঞ্চলত ১৫০ খন ফকলেণ্ডে কয়লা খনন কৰি আছে । এনেদৰে খনন অব্যাহত থাকিলে ঐতিহাসিক পাটকাই পাহাৰ দুবছৰত সম্পূৰ্ণ নিঃশেষ হৈ যাব ।

আনহাতে বন বিভাগে ঘোষণা কৰিছিল যে সংৰক্ষিত বনাঞ্চলত কয়লা খনন হ’বলৈ নিদিয়ে । ইতিমধ্যে বন বিভাগৰ নিৰ্দেশত এক উচ্চ পৰ্যায়ক বিষয়াই এক তদন্ত আৰম্ভ কৰিছে । এই তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ডিগবৈ সংমণ্ডলৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কেইবাহাজাৰ কোটি টকাৰ কয়লা খনন কৰা হৈছে । কিন্তু এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দিয়া নাই । এই প্ৰতিবেদন ৰাজহুৱা হ’লেই ৰাজ্যৰ ৰাজনীতিত ধুমুহা সৃষ্টি হ’ব ।

Featured