জাতীয় স্বার্থত মাত মতাৰ ক্ষেত্রত আজিলৈকে কাকো খাটিৰ কৰা নাই আৰু নকৰোঁ…

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মই এতিয়া জনপ্রিয় শিল্পী নহয়, বিদ্রোহী শিল্পীহে৷ মঞ্চত প্রৱেশ কৰিয়ে জুবিন গার্গে ভৱানীপুৰত এইদৰে উদাত্ত কণ্ঠৰে মন্তব্য কৰে৷

উল্লেখ্য যে ভৱানীপুৰ পহুমাৰা গ্রন্থ মহোৎসৱৰ অন্তিম দিনৰ কার্যসূচী অনুসৰি শুকুৰবাৰে নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত অংশগ্রহণ কৰি জনপ্রিয় কণ্ঠশিল্পীগৰাকীয়ে গানৰ মাজে মাজে ‘কা’বিৰোধী বক্তব্য আগবঢ়ায়৷

যোৱানিশাৰ সাংস্কৃতিক সন্ধিয়াত জুবিন গার্গে প্রথমৰ পৰাই যথেষ্ট শান্ত–সমাহিতভাৱে গান পৰিৱেশন কৰি থকাৰ মাজতে তেওঁলৈ অহা এটা ফোনকলৰ পিছতেই গায়কগৰাকীক অলপ উত্তেজিত হৈ পৰা দেখা গৈছিল৷ তাৰ পিছৰে পৰা জুবিনে গানৰ মাজে মাজে ‘কা’বিৰোধী বক্তব্যৰে বিজেপি চৰকাৰখনক সমালোচনা কৰে৷

অসমৰ জনপ্রিয় কণ্ঠশিল্পীগৰাকীয়ে অসমৰ জাতীয় স্বার্থত মাত মতাৰ ক্ষেত্রত আজিলৈকে কাকো খাটিৰ কৰা নাই আৰু কেতিয়াও কাকো খাটিৰ নকৰোঁ বুলিও ঘোষণা কৰে৷

FeaturedZUBEEN GARGজুবিন গার্গ
Comments (0)
Add Comment