জাতীয় স্বাৰ্থৰ পৰিপন্থী কাম কৰা নাই বিজেপিয়েঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ আমি চৰকাৰ গঠন কৰাৰে পৰা জাতিৰ স্বাৰ্থৰ পৰিপন্থী কিবা কাম কৰিছোঁ নেকি , এইখন চৰকাৰে জাতিৰ পৰিপন্থী কিবা কাম কৰিছে নেকি । কিয়নো এইখন চৰকাৰ গঠন হৈছে খিলঞ্জীয়া জাতি-জনগোষ্ঠী আৰু ভূমিপুত্ৰৰ বাবে । আমাৰ চৰকাৰত বিজেপি , অগপ , গণশক্তি, বিপিএফ , কাৰ্বি , ডিমাচাকে আদি কৰি সকলো জাতি-জনগোষ্ঠীৰ লোক একলগ হৈ নিষ্ঠাৰে কাম কৰি আহিছে । জাতীয় সংগঠনসমূহে কথাবোৰ যুক্তিৰে বিবেচনা নকৰাকৈ কংগ্ৰেছ আৰু বাওঁপন্থীৰ প্ৰৰোচনাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিক । বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম , প্ৰদূষণমুক্ত অসম আৰু সন্ত্ৰাসমুক্ত অসমৰ বাবে আমাৰ চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাচৰে পৰা দৃঢ়তাৰে কাম কৰি আছে । – মঙলবাৰে বিশ্বনাথত অনুষ্ঠিত হোৱা শান্তি আৰু প্ৰগতিৰ বাবে আয়োজিত বিশাল সমাৱেশত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই বিশেষ সভাখনত পুনৰ যেন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আক্ৰমণৰ লক্ষ্য কৰি ল’লে কা বিৰোধী আন্দোলনকাৰীসকলক । আৱেগৰ দ্বাৰা পৰিচালিত হৈ জাতীয় সংগঠনবোৰে বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত ৰাখিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমৰ পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কল্যাণৰ নিমিত্তে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পাচৰে কাম কৰি থকাৰ লগতে বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । কেৱল ভাৰতৰ বুকুতে নহয় বিশ্বৰ বুকুত এতিয়া অসমৰ নাম অতিকৈ চৰ্চিত হৈছে বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

এইখন চৰকাৰে জনতাৰ কল্যাণৰ বাবে যি দৃষ্টান্তমূলক ব্যৱস্থা লৈছে তাৰ দ্বাৰা উপকৃত হৈছে দৰিদ্ৰ জনসাধাৰণ । ভাৰতীয় জনতা পাৰ্টীক হেয় প্ৰতিপন্ন কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰত্যুত্তৰ উন্নয়নৰ জৰিয়তে এইখন চৰকাৰে দিব বুলি কয় সৰ্বানন্দ সোণোৱালে । ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে উন্নয়ন, শান্তি-সম্প্ৰীতি , প্ৰগতি , ভাতৃত্ববোধ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কত গতিকে ভাৰতীয় ভাৰতীয় জনতা পাৰ্টী থকালৈকে কোনো ব্যক্তি চিন্তিত হ’ব নালাগে , খিলঞ্জীয়া ভূমিপুত্ৰসকলক লৈ এখন সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে বিজেপিয়ে কাম কৰি আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Featured
Comments (0)
Add Comment