জামুগুৰিহাটত ৮০ বছৰীয়া শিক্ষকৰ কর্মস্পৃহা

অসম বন্ধত ২৪ কিলোমিটাৰ চাইকেল চলাই বিদ্যালয়ত উপস্থিত অৱসৰপ্রাপ্ত শিক্ষাগুৰু কমল ৰাজবংশী

নিয়মীয়া বার্তা, ১০ ডিচেম্বৰঃ অসমত সঘনাই বিভিন্ন কাৰণত হৈ থকা আন্দোলনবোৰত ছাত্র সমাজ জড়িত হৈ পৰিব লগা হোৱাত অধ্যয়নৰ ক্ষেত্রখনত বাৰুকৈয়ে প্রভাৱ পৰাৰ কথা আলোচিত হৈ আহিছে ৷ ‘পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন’– এই আপ্ত বাক্যশাৰী যেন এতিয়া মূল্যহীন হৈ পৰিল ৷ কিন্তু এনে নিৰাশাজনক পৰিৱেশৰ মাজতো অদম্য কর্মস্পৃহাৰ চানেকী দি আন দহজনৰো প্রেৰণাৰ উৎস হৈ পৰিছে ৮০ বছৰত ভৰি দিয়া অৱসৰপ্রাপ্ত শিক্ষক কমল ৰাজবংশী ৷ ১৯৪১ চনৰ ১ জানুৱাৰীত জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ জন্মগ্রহণ কৰা কমল ৰাজবংশীয়ে ১৯৬৩ চনৰ ১ মার্চত নাগশংকৰ হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে৷ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্রীধাৰী কমল ৰাজবংশীয়ে বিদ্যালয়খনত সুদীর্ঘ ৩৮ বছৰ ১০ মাহ শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত ২০০১ চনৰ ৩ ডিচেম্বৰত অৱসৰ গ্রহণ কৰে৷ অৱসৰ গ্রহণৰ পাছত ২০০৩ চনৰ ৭ আগষ্টত চতিয়াৰ ভাস্কৰজ্যোতি আদর্শ বিদ্যাপীঠৰ কর্তৃপক্ষৰ আমন্ত্রণ ক্রমে বিদ্যালয়খনত আমন্ত্রিত শিক্ষকৰূপে যোগদান কৰি বর্তমানেও সেৱা আগবঢ়াই আহিছে৷ বিদ্যালয়খনৰ নৱম, দশম শ্রেণীত বর্তমানেও ইংৰাজী বিষয়ত পাঠদান কৰা কমল ৰাজবংশী নিয়মানুবর্তিতাৰ এক মূর্ত প্রতীক৷ চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়োৱা সুদীর্ঘ ৩৮ বছৰ ১০ মাহত ৰ’দ, বতাহ, বৰষুণ আৰু অন্যান্য প্রতিবন্ধকতাকো নেওচি ৰাজবংশীয়ে সদায় সময়মতে বিদ্যালয়খনত উপস্থিত হৈছিল৷ নিজৰ সাধনালব্ধ জ্ঞান ছাত্র–ছাত্রীক প্রদান কৰিবলৈ সততে উদগ্রীৱ হৈ থকা ৰাজবংশীৰ কর্মস্পৃহা ৮০ বছৰ বয়সতো অটুট আছে৷ যোৱা ৭ ডিচেম্বৰৰ পৰা বিদ্যালয়সমূহত নৱম আৰু দশম শ্রেণীৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈ আহিছে৷ আজি নৱম শ্রেণীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা৷ বিষয় শিক্ষক হিচাপে ৰাজবংশীৰ দায়িত্ব আছে৷ কিন্তু আজি কেবৰ বিৰোধিতাৰে চুতীয়া ছাত্র সস্থাই অসম বন্ধৰ আহ্বান জনোৱাৰ বাবে গাড়ী–মটৰ চলাচল কৰা নাই ৷ ছাত্র–ছাত্রীৰ প্রতি থকা দায়বদ্ধতা আৰু অদম্য কর্মস্পৃহাই উদ্বুদ্ধ কৰি ৰখা ৰাজবংশীয়ে চাইকেল চলাই জামুগুৰিহাটৰ ধলাইবিলৰ পৰা ২৪ কিলোমিটাৰ বাট বুলি সময়মতে চতিয়াৰ বিদ্যালয়খনত উপস্থিত হয় ৷ শিক্ষকগৰাকীয়ে চাইকেল লৈ বিদ্যালয়খনত উপস্থিত হোৱাত অভিভূত হৈ পৰে বিদ্যালয়খনৰ ছাত্রী–ছাত্রী, শিক্ষক–কর্মচাৰীবৃন্ লগতে পৰীক্ষাগৃহত ছাত্র–ছাত্রী থ’বলৈ অহা অভিভাৱকসকল ৷ সকলোৱেই শিক্ষকজনৰ কর্মস্পৃহাক সন্মান জনোৱাৰ লগতে তেওঁৰ দীঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে ৷

Featured
Comments (0)
Add Comment