জিএমচিত মৰণোত্তৰ দেহদান শিক্ষাবিদ ড০ সৰযু দাসৰ

সন্দিকৈ কলেজৰ অৱসৰী অধ্যক্ষৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ বিশিষ্ট শিক্ষাবিদ তথা সন্দিকৈ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষা, গুৱাহাটীৰ ৰিহাবাৰী নিৱাসী ড০ সৰযু দাসৰ বৃহস্পতিবাৰে মাজনিশা মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে ৷ বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা অবিবাহিতা শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৪ বছৰ ৷ প্রয়াত ড০ দাসৰ শেষ ইচ্ছানুযায়ী চিকিৎসা বিজ্ঞানৰ উৎকর্ষ সাধন আৰু মানৱ কল্যাণৰ হকে শুকুৰবাৰে তেওঁৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগত দান কৰা হয় ৷ মৰণোত্তৰ দেহদান সম্পন্ন কৰাৰ ক্ষেত্রত ইলোৰা বিজ্ঞান মঞ্চৰ লগতে প্রয়াত ড০ দাসৰ ভাগিনীয়েক দেৱপ্রিয় চৌধুৰীয়ে বিশেষ উদ্যোগ গ্রহণ কৰে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট কর্তৃপক্ষই পূর্ণ সহযোগিতা আগবঢ়ায় ৷ ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক শিক্ষাবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে আৰু সৰযু দাসৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে ৷ তেওঁৰ বিয়োগত শোকস্তব্ধ হৈ পৰে ৰাজ্যৰ বিদ্বৎ মহল ৷ উল্লেখ্য যে তদানীন্তন পূব পাকিস্তান (বর্তমান বাংলাদেশ)ৰ ছিলেট জিলাত জন্মগ্রহণ কৰা প্রয়াত ড০ দাসে শিলচৰৰ জি চি কলেজৰ পৰা কলা শাখাৰ স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্রী লয় আৰু ১৯৫২ চনত গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ত দর্শন বিভাগৰ শিক্ষক হিচাপে কর্মজীৱন আৰম্ভ কৰে ৷

সুদীর্ঘ ৩২ বছৰ কাল তেওঁ শিক্ষানুষ্ঠানখনৰ দর্শন বিভাগৰ মুৰব্বী অধ্যাপিকাৰ পদত আছিল ৷ ১৯৯৬ চনত তেওঁ সন্দিকৈ মহাবিদ্যালয়ৰ পৰাই অধ্যক্ষাৰ পদত কার্যনির্বাহ কৰি অৱসৰ গ্রহণ কৰে ৷ অসমৰ শৈক্ষিক জগতত সুপৰিচিত প্রয়াত ড০ দাসে অধ্যাপনা কৰাৰ লগতে তর্কশাস্ত্র আৰু দর্শনৰ ভালেকেইখন গ্রন্থ ৰচনা কৰে আৰু ইয়াৰে কেইবাখনো গ্রন্থ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত হয় ৷ পতঞ্জলি যোগ দর্শনৰ ওপৰত গৱেষণা কৰি তেওঁ ডক্টৰেট ডিগ্রী লাভ কৰিছিল ৷ প্রয়াত ড০ দাসে গুৱাহাটীৰ ৰামকৃষ্ণ মিছনৰ লগত জড়িত হৈ ৰামকৃষ্ণ পৰম হংসৰ বহু কিতাপ অসমীয়া ভাষালৈ অনুবাদ কৰে ৷ মৃত্যুৰ আগলৈকে ড০ দাস বহু সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ৷

উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ স্বার্থত ২০১৮ চনৰ মার্চ মাহত প্রয়াত ড০ দাসে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্রত স্বাক্ষৰ কৰি ৰাখিছিল ৷ সেই অনুসৰি শুকুৰবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁৰ দেহদান সম্পন্ন হয় ৷ অনুষ্ঠানটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ হীৰামণি ডেকা, অধ্যাপক ডাঃ সত্যজিৎ মিত্রকে ধৰি বিভাগীয় শিক্ষক–শিক্ষয়িত্রীস আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, অন্যতম কর্মকর্তা জগদীশ দত্ত, শিশিৰ ভট্টাচার্য, ড০ বাসুদেৱ দাস আদি উপস্থিত থাকি শিক্ষাবিদগৰাকীৰ প্রতি শ্রদ্ধা জনায় ৷ ভাগিনীয়েক দেৱপ্রিয় চৌধুৰীৰ লগতে চয়ন গুহ, বিশ্বজিৎ ৰয়, সিদ্ধার্থ ধৰ, তাপচ সিং, জুমন বড়ো প্রমুখ্যে আত্মীয়–স্বজন আৰু গুণমুগ্ধ সকলো দেহদান অনুষ্ঠানত উপস্থিত থাকি প্রয়াত ড০ দাসৰ প্রতি পুষ্প মাল্যৰে শ্রদ্ধা তর্পণ কৰে ৷

Comments (0)
Add Comment