জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰালৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা । ২৪ ফেব্ৰুৱাৰীত পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত আছে নগদ পঁচিশ হাজাৰ টকা সম্বৰ্ধনা পত্ৰ আৰু স্মাৰক ।

উল্লেখ্য যে, অসমৰ সংবাদ জগতৰ লগতে চলচ্চিত্ৰ জগতখনত এক সক্ৰিয় সমালোচক হিচাপে সুকীয়া স্থান দখল কৰিছে বিতোপন বৰবৰাই । এই বঁটা প্ৰদান অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই । পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ দ্বাৰা ৰাজ্যৰ সাংবাদিকতা ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ ২০১১ চনৰ পৰা এই বঁটা আগবঢ়োৱা হৈছে ।

Featured
Comments (0)
Add Comment