টুৰিষ্ট ভিছাৰে আহি ধর্মীয় প্রচাৰ কৰিব নালাগেঃ ডিজিপি

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ বিশ্বনাথৰ বাঘমাৰী চৰৰ পৰা ১৭জনকৈ বাংলাদেশী নাগৰিকক গ্রেপ্তাৰ কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই৷  এখন সংবাদ মেলত মহন্তই কয় যে টুৰিষ্ট ভিছাৰে আহি তেওঁলোকে ধর্মীয় প্রচাৰ কৰিব নালাগিছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকে টুৰিষ্ট ভিছাৰ চর্ত ভংগ কৰিছে৷ এই প্রসংগতে তেওঁ কয়– ‘কিছুদিন পূর্বে মই কেইবাটাও মুছলিম সংগঠনৰ সন্মানীয় নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হৈছিলোঁ৷ তেতিয়াই মই কৈছিলোঁ যে বাংলাদেশৰ পৰা কিছুমান লোকে টুৰিষ্ট ভিছা লৈ অসমলৈ আহে৷ তেওঁলোক পর্যটনৰ উদ্দেশ্যে আহি ঘূৰা–ফুৰা কৰক৷ ৰংঘৰ চাব যাব লাগে, কাৰেংঘৰ চাব যাব লাগে অথবা কাজিৰঙা বা অন্যান্য অভয়াৰণ্য পৰিদর্শন কৰিব পাৰে৷ কিন্তু পর্যটনৰ উদ্দেশ্যে আহি ধর্মীয় প্রচাৰ কৰিব নালাগে৷ কোনোবাই স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে ভিছা লৈ আহে৷ কিন্তু অসমলৈ আহি ধর্মীয় প্রচাৰত লিপ্ত হয়৷ এই টুৰিষ্ট ভিছাৰ সুবিধাৰ কিছুমান ভাৰতবিৰোধী শক্তিয়ে অপ–ব্যৱহাৰ কৰিব বিচাৰে, এয়া আমাৰ দৃষ্টিগোচৰ হৈছিল৷ গ্রেপ্তাৰ হোৱা ১৭জন নাগৰিকেও টুৰিষ্ট ভিছাৰে আহি বাঘমাৰী চৰত আশ্রয় লৈ ধর্মীয় আলোচনাত ভাগ লৈছিল৷’