ডনবস্ক’ বিশ্ববিদ্যালয়লৈ এংগেজ ইউনিভাৰছিটী অৱ দ্য ইয়েৰ–২০২০ পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসম ডনবস্ক’ বিশ্ববিদ্যালয় দক্ষতাপূর্ণ কর্ম আঁচনিৰে শৈক্ষিক আৰু সামাজিক দিশত আগবঢ়োৱা বৰঙণিৰ বাবে ‘এংগেজ ইউনিভাৰছিটী অৱ দ্য ইয়েৰ–২০২০’ শীর্ষক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

এই উপলক্ষে ১০ জানুৱাৰীত কেৰালাৰ তাজ ৰিজ’টত অনুষ্ঠিত হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই পুৰস্কাৰ প্রদান কৰা হয়৷ ডনবস্ক’ বিশ্ববিদ্যালয়ৰ হৈ এই পুৰস্কাৰ গ্রহণ কৰে বিশ্ববিদ্যালয়খনৰ প্র’ উপাচার্য ড০ যোছেফ নিলাণ্টে৷

মন কৰিব লগা যে ২০০৮ চনতে প্রতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খনে ইতিপূর্বে ২০১৮ চনত ‘ইউনিভাৰছিটী অৱ দ্য ইয়েৰ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷

Comments (0)
Add Comment