ডিগৱৈত ভয়াবহ পথ দুৰ্ঘটনা নিহত ৫

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেওবাৰে মাজনিশা ডিগৱৈৰ পাৱৈৰ ৩৮ নং ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়।
উল্লেখ্য যে তিনিচুকীয়া মাৰ্ঘেৰিটা অভিমুখী পৰা AS 23CC 3431 নম্বৰৰ টাটা মেজিক খন আৰু মাৰ্ঘেৰিটা পৰা তিনিচুকীয়াৰ পৰা আহি থকা AS 01JC 2935 কয়লা ভৰ্তি ট্ৰাক খনৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতেই এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে এই দুৰ্ঘটনাটোত ট্ৰাকত থকা কোনো লোক হতাহত হোৱা নাই। অৱশ্য়ে দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকৰ চালকজন পলাই যায়।

5 DEADaccidentDIGBOI