ডিটেনচন কেম্পত আবদ্ধ বঙাইগাঁৱৰ ৭ গৰাকী বন্দীক মুক্তি

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বঙাইগাঁৱৰ বিভিন্ন অঞ্চলৰ মহিলাসহ সাতগৰাকী ডিটেনচন কেম্পৰ বন্দীক বৃহস্পতিবাৰে জামিনত মুক্তি প্ৰদান কৰে । ইয়াৰে তিনিজন যোগীঘোপাৰ । ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা এই তিনিজন ক্ৰমে ঘোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবিৰ খেলুৱাপাৰা গাঁৱৰ আজবাহাৰ আলী, চটপাৰা গাঁৱৰ আলী আকবৰ আৰু পাল্লীৰতল গাঁৱৰ ছাৰু সেখ বুলি জনা গৈছে । উল্লেখ্য যে যোৱা ২০১৬ চনত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা পাচতে বঙাইগাঁৱৰ সীমান্ত আৰক্ষীয়ে উক্ত বছৰেই তেওঁলোকক গোৱালপাৰা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল । পিছত উচ্চতম ন্যায়ালয়ে যোৱা ১০ মে’ৰ WP(C) No 1045/2018 ৰ এক ৰায়দানৰ ভিত্তিত তিনি বছৰ সম্পূৰ্ণ হোৱা বন্দীক কিছু চৰ্ত সাপেক্ষে জামিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইপিনে  জিলাখনৰ হাপাচৰাৰ মাণিকজান বিবি, অভয়াপুৰীৰ নিৰঞ্জন বৰ্মন, মেৰেৰচৰৰ নাচিৰুদ্দিন আৰু নাচনগুৰিৰ জালাল উদ্দিনেও ডিটেনচন কেম্পৰ পৰা মুক্তি লা কৰৈ বুলি জানিব পৰা গৈছে ।