ডিফুত এক চাঞ্চল্যকৰ হত্যাকাণ্ডঃমুৰ্গী চুৰিৰ সন্দেহত যুৱকক হত্যা

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ মুৰ্গী চুৰিৰ সন্দেহত ডিফুত এজন যুৱকক হত্যা। নিহত যুৱক জনৰ নাম সমীৰ সূত্ৰধৰ। যোৱা ১১ মাৰ্চত জয়ছিং বে নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড । ১২ মাৰ্চত পৰিয়ালে নি জ্বলাই দিছিল সমীৰৰ মৃতদেহটো। হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীকো অৱগত কৰা নাছিল সমীৰৰ পৰিয়ালে। এসপ্তাহৰ অন্তত আৰক্ষীৰ নিজাববীয়া তদন্তত পোহৰলৈ আহিল এই সমগ্ৰ ঘটনা। আৰক্ষীয়ে সোমবাৰে নিশা ঘৰৰ পৰা আটক কৰিছে জয়ছিং বে’ক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মুৰ্গী চোৰৰ সন্দেহত যুৱক জনক হত্যা কৰা হৈছে। সমীৰ সূত্ৰধৰৰ হত্যাকাণ্ডত ব্য়ৱহৃত গাড়ী জয়ছিঙৰ ASO1F- 4626 নম্বৰৰ মাৰুতি গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে। গাড়ীখনৰ ডিকিট ভৰাই পৰিয়ালক চমজাবলৈ লৈ আনিছিল মৃতদেহটো। আৰক্ষীৰ জেৰাত জয়ছিঙে স্বীকাৰ কৰিছে সমীৰক হত্যা কৰাৰ কথা।

Comments (0)
Add Comment