ডিফু মেডিকেল কলেজৰ ফেকাল্টীলৈ সুখবৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অতিৰিক্তভাৱে লাভ কৰিব ২৫ শতাংশ উদগনিমূলক ভাট্টা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ডিফু মেডিকেল কলেজত ফেকাল্টী হিচাপে যোগদান কৰা চিকিৎসকসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা তেওঁলোকক ২৫ শতাংশ বিশেষ উদগনিমূলক ভাট্টা অতিৰিক্তভাৱে প্ৰদানৰ লগতে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল পাঁচ বছৰ বৃদ্ধি হ’ব । বুধবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে । ড০ শৰ্মাই জানিবলৈ দিয়া মতে , মঙলবাৰে অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে ডিফু মেডিকেল কলেজত ফেকাল্টী হিচাপে যোগদান কৰাসকলক মূল দৰমহাৰ ২৫ শতাংশ বিশেষ ভাট্টা হিচাপে দৰমহাৰ সৈতে অতিৰিক্তভাৱে প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । তদুপৰি মেডিকেল কলেজখনৰ ফেকাল্টীসকলৰ চাকৰিৰ পৰা অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱটো কেবিনেটে অনুমোদন জনায় । সেইদৰে চাকৰি জীৱনত তিনিবছৰ ডিফু মেডিকেল কলেজত সেৱা আগবঢ়োৱাসকলৰ অৱসৰৰ বয়স ৬৭ বছৰলৈ বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে । এই বিশেষ সুবিধা ফেকাল্টীসকলৰ মাজতেই সীমাবদ্ধ ৰখাৰ উল্লেখ কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে মেডিকেল কলেজখনৰ বাকী পদসমূহৰ ভিতৰত ৭০ শতাংশত স্থানীয় যুৱক-যুৱতীক নিয়োগ কৰা হৈছে । এতিয়ালৈ মেডিকেল কলেজখনত ৫৮ গৰাকী ফেকাল্টী নিয়োগ কৰা হৈছে । ইয়াৰে ৫৭ গৰাকীয়ে ইতিমধ্যে চাকৰিত যোগদান কৰিছে । ডিফু মেডিকেল কলেজৰ ফেকাল্টীক বিশেষ সুবিধা দিয়াৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড০ শৰ্মাই কয় যে ডিফুৰ দৰে ঠাইত মেডিকেল এখন স্থাপন কৰাটো ডাঙৰ প্ৰত্যাহ্বান । সেয়ে তেনে ব্যৱস্থা কৰা হৈছে ।

Featured