ডুবাইত উজলিল গুৱাহাটীৰ মনশ্রী শর্মা

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ অসমবাসীৰ বাবে এটা সুখবৰ ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত আকৌ এবাৰ উজলি উঠিছে অসমৰ এগৰাকী মহিলা ৷ যোৱা ২৪ নৱেম্বৰত ডুবাইত অনুষ্ঠিত শ্রেষ্ঠ মাতৃ প্রতিযোগিতাত প্রথম স্থান দখল কৰি দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে মনশ্রী শর্মাই ৷ প্রতি বছৰৰ দৰে এইবেলিও ডুবাইত আন্তঃৰাষ্ট্রীয় পর্যায়ত অনুষ্ঠিত এই প্রতিযোগিতাত কুৰিখনতকৈ অধিক দেশৰ প্রতিযোগীক পিছ পেলাই শীর্ষ স্থান দখল কৰে মনশ্রী শর্মাই ৷ এই প্রতিযোগিতাতে মনশ্রীয়ে দাঙি ধৰে অসমৰ লোক সংস্কৃতি ৷ বিহু নৃত্যৰ সমানে সমানে ডুবাইত অসমৰ মেখেলা চাদৰ,আ–অলংকাৰৰ চাহিদা বৃদ্ধিৰ আন এক পদক্ষেপ গ্রহণ কৰে অসমৰ মনশ্রী শর্মাই ৷ গুৱাহাটীৰ সৰুমটৰিয়াৰ প্রদীপ শর্মা আৰু বিনা দেৱীৰ কন্যা মনশ্রী শর্মা সম্প্রতি ডুবাইৰ বাসিন্দা ৷ কর্মসূত্রে ডুবাইত থকা মনশ্রীয়ে খুলিছে এটা ট্ৰেভেল এজেন্সি ৷ অসমৰ পৰা ডুবাইলৈ যোৱা লোক সকলৰ সুবিধার্থে শ্বুৰুক ট্ৰেভেলাৰ নামৰে এই ট্ৰেভেল এজেন্সি চলাই আছে মনশ্রীয়ে ৷ সমান্তৰালভাৱে ডুবাইতে মনশ্রীয়ে ‘অসমী’নামেৰে এখন অসমৰ পাট মুগা আৰু অসমৰ গহনাৰ বিপনী চলাই আছে ৷

Featured