ডেম্পত উদ্ধাৰ দুলীয়াজান ডাকঘৰৰ নথি–পত্র

ডাক কর্তৃপক্ষৰ দুষ্কার্য উদঙালে জাতীয় সংগঠনৰ সদস্যই

নিয়মীয়া বার্তা, ১১ জানুৱাৰীঃ আপুনি বাৰু কলিং লেটাৰ, চৰকাৰী কোনো গুৰুত্বপূর্ণ নথি–পত্র তথা জাননী লাভৰ বাবে মাহ–বছৰ ধৰি আশা পালি আছে নেকি? তেন্তে পলম নকৰি অচিৰেই দুলীয়াজান ডাকঘৰৰ পৰিৱর্তে পুৰণি বাছ আস্থানস্থিত মটক যুৱ–ছাত্র সন্মিলনৰ কার্যালয়ৰ সৈতে যোগাযোগ কৰক ৷ এনেদৰে বছৰ ধৰি পোত খাই থকা অইল ইণ্ডিয়া লিমিটেড, ডি এন পি এল, নীপকো, অসম গেছ কোম্পানীৰ গুৰুত্বপূর্ণ নথি–পত্রকে ধৰি কে ৱাই চি ঋণসহ বেংকৰ কোনো ঋণ ঘূৰাই দিয়াৰ জাননী, বহু নিবনুৱাৰ কলিং লেটাৰ, ডেবিট কার্ড, পান কার্ড, এল আই চি ইত্যাদি অন্যান্য ভিন্নজনৰ বিভিন্ন বিভাগৰ পৰা অহা বহু গুৰুত্বপূর্ণ কাগজভর্তি বস্তা পৰি আছে উক্ত কার্যালয়টোত৷ এই গুৰুত্বপূর্ণ নথি–পত্র সম্বলিত টোপোলাটো দুলীয়াজান ডাকঘৰে বিক্রী কৰিলে স্থানীয় ডেম্প বেপাৰীক ৷ এখন মাত্র কাগজে কোনো নিবনুৱা যুৱক তথা ব্যক্তিৰ জীৱনৰ ৰং সলনি কৰি দিব পৰা ভাগ্যক দুলীয়াজান ডাকঘৰৰ বিভাগীয় কর্তৃপক্ষৰ চূডান্ত গাফিলতিয়ে সকলো তচনচ কৰি দিলে৷ চৰকাৰী ডাকঘৰ ব্যৱস্থাৰ এই নীচ কাণ্ডক শেহতীয়াকৈ তথ্যসহ পোহৰলৈ আনিলে দুলীয়াজান আঞ্চলিক তাই আহোম ছাত্র সন্থা, মটক যুৱ ছাত্র সন্মিলন, সোণোৱাল কছাৰী ছাত্র সস্থা, অনুসূচিত জাতি যুৱ–ছাত্র সস্থা আৰু সংখ্যালঘু ছাত্র ইউনিয়নে৷ জানিব পৰা মতে, সংগঠনৰ কোনো সদস্যই দুলীয়াজান শুকুটা চাৰিআলিস্থিত পৰশুৰাম জয়ছোৱাল নামৰ এগৰাকী স্ক্রেপ ব্যৱসায়ীৰ লোহা ডেম্পত পৰি থকা কাগজৰ এটা টোপোলা ডেম্পৰ শ্রমিকে খুঁচৰি থকা প্রত্যক্ষ কৰে৷ এই ঘটনাত সন্দেহ ঘনীভূত হৈ সংগঠনটোৰ যুৱককেইজনে ভালদৰে টোপোলাটো প্রত্যক্ষ কৰাত দুলীয়াজান ডাকঘৰৰ এই অবিবেচকী কাণ্ড ওলাই পৰে৷ যোৱা ডিচেম্বৰ মাহৰ শেষৰফালে এই ঘটনা উদ্ঘাটন কৰি আজি সন্ধিয়া দুলীয়াজান পুৰণি বাছ আস্থানত এখন সংবাদ মেল আহ্বান কৰে কেউটা সংগঠনৰ নেতৃবর্গই৷ সংবাদ মেলত আটাছু আঞ্চলিকৰ সম্পাদক ৰূপম গগৈয়ে স্পষ্টভাৱে এই ঘটনাক গৰিহণা দি অনতিপলমে সমগ্র কাণ্ড আইনী ব্যৱস্থাৰ পোষকতা কৰে৷ ঘটনা সন্দর্ভত সংগঠনকেইটাই ইতিমধ্যে ডিব্রুগড জিলাৰ উপায়ুক্ত, টেঙাখাত ৰাজহ চক্রৰ চক্র বিষয়া, অইল ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী আৰু প্রশাসনিক বিভাগক অৱগত কৰাৰ লগতে অতিশীঘ্রে দুলীয়াজান থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে সংবাদ মাধ্যমক ৷

Comments (0)
Add Comment