তৃতীয় বিকল্পক লৈ বিভাজিত ৰাজ্যৰ দল–সংগঠন

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাই নতুন ৰাজনৈতিক দল গঠনৰ স্পষ্ট ইংগিত দিয়াৰ লগে লগে আৰম্ভ হৈছে নানা জল্পনা–কল্পনা৷ সম্ভাব্য দলটোৰ গঠন প্রক্রিয়া, নেতৃত্বক লৈও ব্যাপক চর্চা চলিছে৷ কিন্তু তাৰ মাজতে এটা নতুন আঞ্চলিকতাবাদী শক্তিৰ জন্মক লৈ মেৰু বিভাজিত হৈ পৰিছে ৰাজ্যৰ দল–সংগঠনসমূহ৷ কোনোৱে যদি নতুন দল গঠনৰ পক্ষত শক্তিশালী স্থিতি লৈছে, আন কোনো সংগঠনে ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷

আনহাতে, কিছুসংখ্যক সংগঠনে দোদুল্যমান স্থিতি গ্রহণ কৰাও পৰিলক্ষিত হৈছে৷ ঐতিহাসিক অসম আন্দোলনৰ অন্যতম চালিকা শক্তি সদৌ অসম কর্মচাৰী পৰিষদেও নতুন দল সন্দর্ভত কৌশলপূর্ণ মন্তব্য কৰিছে৷ পৰিষদৰ সভাপতি বাসৱ কলিতাই আজি নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে সদৌ অসম কর্মচাৰী পৰিষদ এটা অৰাজনৈতিক সংগঠন৷

গতিকে কোনো ৰাজনৈতিক দলৰ সমর্থক হ’ব নোৱাৰে৷ এনে পৰিস্থিতিত কোনো নতুন আঞ্চলিক বা ৰাজনৈতিক দল গঠনৰ পৰিকল্পনাৰ লগত কর্মচাৰী পৰিষদৰ কোনো এজন সদস্য জড়িত নহয়৷ কিন্তু একে সময়তে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ তীব্র বিৰোধিতা কৰি যাব৷ সমগ্র চর্চা সন্দর্ভত মতামত ব্যক্ত কৰিবলৈ অপাৰগতা প্রকাশ কৰিছে সদৌ অসম প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে৷ তেওঁ কয় যে প্রাথমিক শিক্ষক সন্মিলনী কোনো প্রকাৰে ৰাজনৈতিক কুচকাৱাজৰ লগত জড়িত নহয়৷ গতিকে এনেবোৰ বিষয়ত মন্তব্য দিয়াটো উচিত বুলি ভবা নাই৷

ইফালে তাই আহোম ছাত্র সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে কোনো দল–সংগঠন ৰাইজৰ ঊর্ধ্বত নহয়৷ ৰাইজে বিচাৰিলে নিশ্চয় ৰাজনৈতিক দল গঠন কৰাত দ্বিমত নাথাকিব৷ কিন্তু কোনো নির্দিষ্ট সংগঠনৰ নেতৃত্বত দল গঠনৰ পক্ষত আটাছু নাই৷ এইক্ষেত্রত দীঘলীয়া আলোচনাৰ প্রয়োজন আছে৷ এতিয়ালৈকে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ মাজত প্রথমলানি আলোচনাই হোৱা নাই৷ আনকি আটাছুৰ মজিয়াতো এতিয়ালৈকে দল গঠন সন্দর্ভত আনুষ্ঠানিক আলোচনা হোৱা নাই৷

গুৰুত্বপূর্ণ কথাটো হ’ল, অসমৰ ছাত্র সমাজ, শিল্পী সমাজে আৰম্ভ কৰা ‘কা’বিৰোধী প্রবল গণ আন্দোলনটোৰ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আঁতহে ধৰিছে৷ যাতে ৰাইজ বিভ্রান্ত নহয়৷ গতিকে প্রথমাৱস্থাত ছাত্র আৰু শিল্পী সমাজৰ লগত আলোচনামর্মে এক সুস্থিৰ সিদ্ধান্তলৈ আহিব লাগিব৷ সর্বস্তৰৰ জনতাই আদৰি ল’ব পৰা নেতা নির্বাচন কৰিব লাগিব৷ বিজেপিয়ে ২০১৬ চনত আৰম্ভ কৰা শৰাইঘাটৰ ৰণখন শেষ কৰিবলৈ যোগ্য সেনাপতি আৰু সহযোগীসকলক মনোনীত কৰিব লাগিব৷ ধেমাজিৰ বিফল ঐক্য সমদলৰ পাছত বিজেপি হতাশ হৈ পৰা বুলি মন্তব্য কৰি আটাছু নেতাগৰাকীয়ে প্রথমে ‘কা’ বাতিল আৰু পাছতহে ৰাজনৈতিক দল গঠনৰ লক্ষ্য লোৱা উচিত বুলি মন্তব্য কৰে৷

তাই আহোম যুৱ পৰিষদৰ কার্যকৰী সভাপতি লোহিত গগৈয়ে কয় যে এই মুহূর্তত ৰাইজে নিশ্চয় এক তৃতীয় ৰাজনৈতিক বিকল্প বিচাৰিছে৷ সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি সকলো দল–সংগঠন, উজনি–নামনি সকলোৰে জনসাধাৰণক সামৰি এই দল গঠন কৰিব লাগিব৷ জাতীয়তাবাদী শক্তিসমূহে পৃথকে পৃথকে ৰাজনৈতিক দল গঠনৰ উদ্যোগ ল’লে এক শক্তিশালী তৃতীয় বিকল্প গঢ়ি তোলাটো সম্ভৱ হৈ নুঠিব৷ এনে পৰিস্থিতিত এক প্রগতিশীল জাতীয়তাবাদী আদর্শৰে বিজ্ঞানসন্মত কার্যসূচী যুগুত কৰি ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া আৰম্ভ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷ কিন্তু নতুন ৰাজনৈতিক শক্তি জন্ম দিয়াৰ মুঠেও পক্ষপাতী নহয় অসম চাহ জনজাতি ছাত্র সন্থা৷ আটছাৰ সাধাৰণ সম্পাদক পবন বেদিয়াই কয় যে আটছাকে ধৰি অসমৰ জাতীয় সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রবল আন্দোলন অব্যাহত ৰাখিছে৷ কিন্তু আটছাই কোনো ৰাজনৈতিক দল গঠনৰ পোষকতা কৰা নাই৷ যদিহে ৰাজনৈতিক দল গঠনেই এই আন্দোলনৰ লক্ষ্য হয়, তেনেহ’লে চাহ জনজাতি ছাত্র সন্থা এই প্রক্রিয়াৰ পৰা আঁতৰি আহিব৷ আটছা সদায় ৰাইজৰ লগত আছে৷ ৰাইজৰ আৱেগৰ সুবিধা লৈ কোনোৱে ৰাজনৈতিক অধিকাৰ ল’ব বিচাৰিলে আটছা তেওঁলোকৰ লগত নাথাকিব৷

আনহাতে, ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয় ছাত্র সমাজৰ প্রতিনিধি, বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক জিণ্টু ঠাকুৰীয়াই কয় যে অসমত এটা জাতীয়তাবাদী, আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ নিশ্চয় প্রয়োজন আছে৷ ৰাইজে বিচৰা ধৰণে এই দল গঠন কৰিব লাগিব৷ এইক্ষেত্রত আৱেগ পৰিহাৰ কৰি আদর্শগত ভেটি অধিক শক্তিশালী কৰাৰ প্রয়োজন আছে৷ তদুপৰি ৰাজনৈতিক দল গঠন কৰাতকৈ এই মুহূর্তত ‘কা’ বাতিলহে মূল লক্ষ্য হোৱা উচিত বুলি কটন বিশ্ববিদ্যালয়ৰ ছাত্র নেতাগৰাকীয়ে মন্তব্য কৰে৷ বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাই কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলেই গণ আন্দোলনৰ প্রথম লক্ষ্য হ’ব লাগে৷ একে সময়তে জনসাধাৰণে এক তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ প্রয়োজনীয়তাও অনুভৱ কৰিছে৷ কিন্তু কেৱল বিদেশী সমস্যা সমাধানেই নহয়, অসমৰ সর্বস্তৰৰ নাগৰিকৰ সমস্যাসমূহ সমাধানৰ ৰোডমেপ তৈয়াৰ কৰি সকলো নাগৰিকক ঐক্যবদ্ধ কৰি ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ল’ব লাগিব৷ অহা ফেব্রুৱাৰী মাহত নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি আছু নেতৃত্বই স্পষ্ট ইংগিত দিয়াৰ পাছত এইদৰেই সপক্ষে–বিপক্ষে ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷

Comments (0)
Add Comment