থলগিৰি–মাটিগিৰি হাতীগিৰিৰ অৱস্থা সংকটতঃ বন বিভাগৰ ছত্রছায়াত হাতীৰ চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ৰাজ্যত বন বিভাগৰ ছত্রছায়াতে সংগঠিত ৰূপত অব্যাহত আছে বন্যহস্তীৰ চোৰাং সৰবৰাহ ৷ এটা বিশেষ জাতিৰ ঐতিহ্য মাটিত মিহলাই দিব পৰা ধৰণৰ এক ভয়ানক অভিসন্ধি চলিছে হাতীৰ আন্তঃৰাজ্যিক চোৰাং ব্যৱসায়ৰ জৰিয়তে ৷ সর্বজনবিদিত যে থলগিৰি– মাটিগিৰি– হাতীগিৰি মৰাণ জাতিৰ অন্যতম ঐতিহাসিক বৃত্তি আছিল হস্তী পালন ৷ ‘পুৰণি মাউত’ নামে এটা খেল (বংশ)– আছে মৰাণ জনগোষ্ঠীৰ মানুহৰ মাজত ৷ প্রসংগত উল্লেখ্য যে টকলা দহোটীয়া নামৰ মৰাণ জাতিৰ এজন লোকৰ তৈলনগৰী ডিগবৈৰ ‘টকলা বস্তি’ (বর্তমানৰ টোপোলাবস্তিৰ) হস্তী শিবিৰত থকা ‘ৰূপকলী’ নামৰ হাতীজনীৰ খোজত লাগি অহা খাৰুৱা তেলৰ পম খেদিয়েই ‘আছাম ৰে’লৱেজ এণ্ড ড্রেডিং কোম্পানী’ৰ মূৰব্বী ডব্লিউ এল্ লে’কচাহাবে ১৮৮২ চনত ডিগবৈত ভাৰতৰ প্রথম আৰু পৃথিৱীৰ দ্বিতীয়টো তেলকূপ আৱিষ্কাৰ কৰিছিল ৷ হস্তীপালক হিচাপে তেনে এক ঐতিহাসিক উদ্ভাৱনেৰে জড়িত জাতি হিচাপে উদাহৰণ থকা, অসমৰ অন্যতম ভূমিপূত্র মৰাণসকলৰ লগতে উজনিৰ চিংফৌ জনজাতিৰ লোকে কালক্রমত হাতীগিৰিৰ চৰিত্র যেন হেৰুৱাই পেলাবলৈ আৰম্ভ কৰিছে ৷ বহু হাতীগিৰিয়ে বিভিন্ন কাৰণত নিজৰ কব্জাৰ পৰা ক্রমে হস্তী পালনৰ বৃত্তিটো আঁতৰাই ৰখাত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হৈ পৰিছে ৷ যাৰ ফলত বিগত প্রায় দুটা দশক ধৰি মধ্যভোগীয়ে অতি কম দৰত হাতীসমূহ ক্রয় কৰি চৰকাৰী নীতি–নিয়মক অংগুষ্ঠ প্রদর্শন কৰি বহিঃ ৰাজ্য কিম্বা বিদেশলৈ সৰবৰাহ কৰি আহিছে ৷ অতি শেহতীয়াকৈ সমগ্র দেশ জোকাৰি যোৱা চাৰিটা হাতী গুজৰাটলৈ প্রেৰণৰ ঘটনাটোতো বলিৰ পঠা সজোৱা হ’ল মাকুমৰ লাংকাছি গাঁৱৰ পিয়াল মৰাণৰ দৰে লোকক ৷ কেইবাটাও হাতীৰ মালিক পিয়াল মৰাণক প্রৰোচিত কৰি তিনিচুকীয়া জিলাৰ বৰহাপজানৰ কুখ্যাত হাতী মাফিয়া মুমতাজ ছিদ্দিকি, তেওঁৰ পুত্র ইমৰান ছিদ্দিকি ওৰফে ইমৰাণ খান, সম্পর্কীয় মুন্না খানহঁতে পূর্বৰে পৰা বিভিন্ন সময়ত ঘৰচীয়া বা বন্যহস্তীৰ পোৱালি ঘৰচীয়া কৰোৱাই ক্রয় কৰি কেৰালা, গুজৰাট আদি বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰি অহাৰ দৰেই এইবাৰো দুটা হাতী পোৱালি ক্রয় কৰি আন দুটাৰে স’তে সম্পূর্ণ চৰকাৰী পৃষ্ঠপোষকতাতেই গুজৰাটৰ আহমেদাবাদলৈ প্রেৰণৰ যো–জা চলাইছিল ৷ উল্লেখ্য যে, পিয়াল মৰাণৰ পৰা হাতী পোৱালিকেইটা (ৰূপসিং আৰু জয়তৰা) ক্রয় কৰাৰ চুক্তিৰে আগধন দি দীর্ঘদিন ধৰি হাতী মাফিয়া মুন্না খানে মৰাণৰ হাতী পোৱালিকেইটাৰ ভৰণ পোষণ দি আহিছে ৷ আন এটা হাতী পোৱালি ‘বাবুলাল’ৰ গৰাকী হ’ল ডুমডুমা থানাৰ অন্তর্গত ৰাইডাং গাঁৱৰ মনেশ্বৰ মৰাণ ৷ কিন্তু শেষত বিভিন্ন পক্ষৰ বাধাৰ সন্মুখীন হৈ হেয় মানিব লগা হৈছিল ৰে’লৱে কিম্বা অসমৰ বন বিভাগ ৷ যাৰবাবে প্রকৃতিপ্রেমী ৰাইজে প্রতিবাদী পক্ষসমূহক ধন্যবাদ জ্ঞাপন কৰিছিল যদিও সম্প্রতি উক্ত হাতী পোৱালিকেইটাক পুনৰ আহমেদাবাদ প্রেৰণৰ প্রস্তুতিয়ে হতাশ কৰি তুলিছে সংশ্লিষ্ট পক্ষসমূহক ৷ উল্লেখ্য যে থলগিৰি মৰাণ আৰু চিংফৌসকলৰ কেইজনমান হস্তী পালন আৰু হস্তী চিকাৰ বৃত্তিৰে জড়িত লোকৰ উপৰি ওকালতি বৃত্তিৰে জড়িত একাংশ ব্যক্তিৰ সহযোগত একমাত্র ‘এনিমেল টুৰিজম’ৰ বাবেই হস্তী সৰবৰাহৰ ভয়ংকৰ চক্রটো চলি আছে ৷ এইক্ষেত্রত মাইক্র’শ্বিপ সংযোজন আৰু ড্রেনজিট পাছ প্রস্তুত কৰি দিয়া আদি কার্যত পূর্ণ সহযোগ আগবঢ়াই আহিছে তদানীন্তন বন সংমণ্ডল প্রাধিকাৰী ৰঞ্জন কুমাৰ দাসৰ দৰে ৰক্ষকেই ভক্ষক স্বৰূপ ডিগবৈ আৰু ডুমডুমা বন সংমণ্ডলৰ শীর্ষ বন বিষয়াসকলে ৷ ইমানবোৰ অভিযোগ থকাৰ পিছতো অসম চৰকাৰে অভিযুক্ত হাতী মাফিয়া আৰু বন বিষয়াসকলক কিয় ৰক্ষণাবেক্ষণ দি আহিছে সেয়া নুবুজা সাঁথৰ ৷

Featured