দিল্লীৰ যন্তৰ–মন্তৰ, অসম ভৱনত অসমীয়াৰ প্রতিবাদ

চৰকাৰে অসমক পাছফালৰ পৰা ছুৰী মাৰিছে

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীতো তীব্র প্রতিবাদ সাব্যস্ত কৰিছে প্রবাসী অসমীয়া আৰু ছাত্র–ছাত্রীসকলে ৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে দিল্লীত অধ্যয়নৰত হাজাৰ হাজাৰ অসমীয়া ছাত্র–ছাত্রীয়ে তীব্র গণতান্ত্রিক আন্দোলন সাব্যস্ত কৰে ৷ শিক্ষার্থীসকলে প্রথমতে যন্তৰ–মন্তৰত আৰু তাৰ পিছত অসম ভৱনত প্রতিবাদ সাব্যস্ত কৰি এই আইন প্রত্যাহাৰ কৰিবলৈ দাবী জনায় ৷ অসমৰ পৰা দূৰৈত থাকিও আমি সদায় অসমৰ লগতে আছোঁ বুলি মন্তব্য কৰি দিল্লীত অধ্যয়নৰত ছাত্র–ছাত্রীসকলে মমবাতি জ্বলাই নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ কৰে ৷ কেন্দ্রীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি ছাত্র সমাজে কয় যে চৰকাৰে অসমক পাছফালৰ পৰা ছুৰী মাৰিছে ৷ অসমৰ ভাষা আৰু অস্তিত্বৰ প্রতি ভাবুকি অহা এই আইন কোনোপধ্যেই মানি নলওঁ বুলি ছাত্র–ছাত্রীসকলে সকীয়াই দিয়ে ৷ ১৯৭১ চনৰ পিছত অহা এজনো বাংলাদেশী নাগৰিকক অসমে গ্রহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে প্রতিবাদকাৰীসকলে ৷ ছাত্র–ছাত্রীসকলৰ উপৰি দিল্লীত থকা বহু প্রবাসী অসমীয়ায়ো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে ৷

Featured
Comments (0)
Add Comment