দীনতাই কোঙা কৰিছে গোৱৰাদলৰ শিল্পীক

চাহ দোকানেৰে কোনোমতে পেট প্রৱর্তাইছে ভূপেন ৰয়ে

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ এচাম লোকশিল্পীয়ে আজিও চৰকাৰীভাৱে কোনো ধৰণৰ স্বীকৃতি পাবলৈ সক্ষম ন’হল৷ যিসকলৰ ত্যাগ সমাজেও স্বীকাৰ কৰিবলৈ আজি পাহৰি গৈছে৷ সেইসকলৰ ভিতৰত নলবাৰী জিলাৰ এচাম শিল্পীয়ে নিজৰ আপুৰুগীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বার্থত জীৱনটোক বন্ধকত থবলগীয়া হৈছে৷ আর্থিক দৈন্যই তেওঁলোকক সম্পূর্ণৰূপে কোঙা কৰি তুলিছে৷ ইয়াৰে একাংশই আর্থিক দৈন্যত মৃত্যুক সাবটি লোৱাৰ উপৰি একাংশই মৃত্যুৰ সৈতে ককবকাই যুঁজি আছে৷ ওৰেটো জীৱন সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰত ব্যস্ত হৈ থকাৰ ফলত ভৱিষ্যতৰ আর্থিক দিশৰ কথা সংসাৰৰ কথা চিন্তা কৰিবলৈ অৱকাশ নোপোৱা নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ গোৱৰাদল মিলন কামৰূপীয়া ঢুলীয়া দলৰ ঢুলীয়া তথা ভাওৰীয়া শিল্পী ভূপেন ৰয়ে পেট প্রৱর্তাব লগা হৈছে এখন সৰু চাহ দোকান দি৷ ১১বছৰ বয়সৰ পৰাই সুদীর্ঘ ৪৯ বছৰত ঢুলীয়া শিল্পৰ সকলোখিনি আয়ত্ত কৰি বর্তমান ঢ়োলবাদনৰ লগতে ঢুলীয়া ভাওৰীয়া কৰি দর্শক ৰাইজক আমোদ দিয়া নলবাৰী জিলাৰ গোৱৰাদল পদ্মপাৰাৰ জয়ৰাম ৰয় (বায়ন) আৰু দীর্বপ্রীয়া ৰয়ৰ পুত্র ভূপেন ৰয়ে ককাক মাঘুৰাম ৰয় (মাউঘা ভাইৰাৰ) পৰা শিকিছিল ঢ়োলবাদন, তালবাদন, খাৰিকুস্তি, ঢ়োল ঘূৰণ আদি৷ জীৱনৰ সকলো বিসর্জন দি অশেষ কষ্ট কৰি এইজনা শিল্পীয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ সভা, পূজা, বিবাহ, ৰাস উৎসৱ আদি মাংগলিক কার্যত ঢ়োলবাদ্য পৰিৱেশন কৰাৰ লগতে ঢুলীয়া ভাওৰীয়া প্রদর্শন কৰি আজি ৬০বছৰত ভৰি দিছে৷ পৰম্পৰাগতভাৱে আপুৰুগীয়া অসমীয়া কৃষ্টিক জীয়াই ৰখা তথা প্রাণভৰি ঢুলীয়া কৃষ্টিক ভালপোৱা, নিজেই নাহাঁহি দর্শকক হঁহুওৱা শিল্পীগৰাকীয়ে ৰজাঘৰীয়াৰ পৰিচিত নোহোৱাৰ বাবে আজিলৈ চৰকাৰীভাৱে কোনো সাহায্য লাভ কৰা নাইবুলি তেওঁ দুখেৰে উল্লেখ কৰে৷ লগতে তেওঁ ঢুলীয়া পৰিৱেশন কৰি পোৱা মাননিৰে সংসাৰ চলাবলৈ অসুবিধা হোৱাৰ বাবে আৰু পেটটোৰ কাৰণে সময়ে সময়ে আনৰ ঘৰত দিনহাজিৰা কৰাৰ লগতে এতিয়া গোৱৰাদল পদ্মপাৰা চ’কত এখন সৰুকৈ চাহ দোকান দি তাতেই ব্যস্ত হৈ পৰিছেবুলি কয়৷ ঢুলীয়া সংস্কৃতিৰ আজন্ম প্রেমিক ভূপেন ৰয়ৰ ইচ্ছা চৰকাৰে নকৰিলেও যাতে অসমীয়া শিল্পীপ্রেমীসকলে উপযুক্ত মর্যাদা আৰু অর্থ–সাহায্যৰে ঢুলীয়া সংস্কৃতিটোক তুলি ধৰি বিশ্বৰ আগত চিনাকি কৰাই দিয়ে৷

Comments (0)
Add Comment