দুর্গাপূজাৰ নামত চান্দা সংগ্রহৰ অপসংস্কৃতি পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ আধ্যাত্মিক উৎসাহ–উদ্দীপনাৰে উদযাপিত হ’বলগীয়া দুর্গাপূজাৰ বতৰত চান্দা সংগ্রহৰ অপসংস্কৃতি সম্পূর্ণৰূপে পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আহ্বান জনাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই আহ্বান জনাই কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনত দেৱী দুর্গাৰ উপাসনাৰ সাহস আৰু প্রেৰণা যোগাই আহিছে৷ এই পূজাৰ সৈতে ভক্তি, শ্রদ্ধা আৰু সাধানাৰ গভীৰ সম্পর্ক আছে৷ দুর্গোৎসৱৰ জৰিয়তে সামাজিক, নৈতিক আৰু আধ্যাত্মিক বান্ধোন সুদৃঢ় হয়৷ এই পৱিত্র উৎসৱ উদ্যাপনৰ বাবে ক্ষুদ্র অথবা বৃহৎ ব্যৱসায়ীৰ পৰা চান্দা সংগ্রহ কৰি তেওঁলোকক হাৰাশাস্তি কৰাটো সমাজৰ বাবে হিতকৰ কার্য নহয়৷ মুখ্যমন্ত্রীয়ে সকলোকে সহযোগিতাৰে চান্দা সংগ্রহৰ অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্রহণ কৰিবলৈ আহ্বান জনায়৷

Featured