দুলাল বৰাৰ বাসগৃহত চলিল বুলডজাৰ

নিয়মীয়া বাৰ্তা,১৮ মার্চঃ বিতর্কিত আৰ টি আই কর্মী দুলাল বৰাই মহানগৰীৰ খানাপাৰাৰ কইনাধৰা তিনিআলিৰ ৰাজীৱ গান্ধী পথত অবৈধভাৱে নির্মাণ কৰা এটা তিনি মহলীয়া অট্টালিকাৰ লগতে আন এটা অসম আর্হিৰ ঘৰত গুৱাহাটী পৌৰ নিগমৰ বুলডজাৰ চলিল ৷ গুৱাহাটী পৌৰ নিগম, আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে পুৱা প্রায় ১০ বজাত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সিদ্ধার্থ গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে দুখন জেচিবিৰ সহায়ত বিতর্কিত আৰ টি আই কর্মী দুলাল বৰাই নীতি–বহির্ভূতভাৱে কৰা নির্মাণ কার্য ভাঙি পেলায়৷ পৌৰ নিগমৰ দলটোৱে প্রথমে বৰাৰ বাসগৃহৰ কাষতে নির্মাণ কৰা ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয়কেইটা ভাঙি পেলোৱাৰ পিছতে তিনি মহলীয়া অট্টালিকাটোৰ আধা অংশ ভাঙি পেলায় ৷ পৰৱর্তী সময়ত সম্পূর্ণ বাসগৃহটো ভাঙি পেলোৱা হ’ব বুলি পৌৰ নিগমৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে বিতর্কিত আৰ টি আই কর্মী দুলাল বৰাই কইনাধৰাৰ ৰাজীৱ গান্ধী পথত নির্মাণ কৰা অট্টালিকা আৰু অসম আর্হিৰ ঘৰটো অবৈধ বুলি একাংশই গুৱাহাটী পৌৰ নিগমক অভিযোগ দাখিল কৰিছিল ৷ এই অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দুলাল বৰালৈ অট্টালিকাটো নির্মাণ কৰাৰ যাৱতীয় নথিপত্র জমা দিবলৈ জাননী জাৰি কৰিছিল ৷ কিন্তু দুলাল বৰাই পৌৰ নিগম কর্তৃপক্ষক বাসগৃহটো নির্মাণৰ কোনো নথিপত্র দাখিল কৰিব পৰা নাছিল ৷ পৰৱর্তী সময়ত যোৱা ২০ জানুৱাৰীত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দুলাল বৰালৈ জি পি আই/ইউ চি/৩০/২৬৬/২০১৯/২৫/১৮ নম্বৰৰ এখন উচ্ছেদৰ জাননী জাৰি কৰিছিল ৷ পৌৰ নিগম কর্তৃপক্ষই জাৰি কৰা জাননীৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দুলাল বৰাৰ পত্নী বর্ণালী দত্তই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৩০ জানুৱাৰীত ৫৪৯/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ৪৫ দিনৰ ভিতৰত যাৱতীয় নথিপত্র পৌৰ নিগম কর্তৃপক্ষক দাখিল কৰিবলৈ নির্দেশ দিছিল ৷ কিন্তু উক্ত সময়সীমাৰ ভিতৰত দুলাল বৰাৰ পত্নীয়ে গৃহ নির্মাণৰ কোনো নথিপত্র ন্যায়ালয়ৰ মজিয়াত দাখিল কৰিব নোৱাৰাত যোৱা ১৬ মার্চত জিপিআই/ইউচি/৩০/২৬৬/২০১৯/৪৬/১৮৮ নম্বৰৰ এক পত্রযোগে উচ্ছেদৰ পূর্বৰ নির্দেশনা বাহাল ৰাখে ৷

অৱশ্যে ইয়াৰ পূর্বে দুলাল বৰাৰ কন্যা পূজা বৰাই এখন আবেদন দাখিল কৰিছিল ৷ কিন্তু সেয়া গ্রাহ্য নকৰিলে পৌৰ নিগম কর্তৃপক্ষই ৷ ন্যায়ালয়ে ঘৰটো ভাঙি পেলাবলৈ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক নির্দেশ জাৰি কৰে৷ ন্যায়ালয়ৰ নির্দেশমর্মে মঙলবাৰে পৌৰ নিগম কর্তৃপক্ষই দুলাল বৰাই অবৈধভাৱে নির্মাণ কৰা তিনি মহলীয়া অট্টালিকাটো ভাঙি পেলায় ৷ পৌৰ নিগমৰ নির্দেশনাত উল্লেখ কৰা মতে এই নির্মাণ কার্যৰ বিপৰীতে কোনো ধৰণৰ অনুমতি নাছিল ৷ বিশেষকৈ আপত্তিবিহীনতাৰ প্রমাণ পত্র আৰু অনুমোদিত পৰিকল্পনা অবিহনেই কৰা হৈছিল নির্মাণকার্য ৷ বিতর্কিত আৰ টি আই কর্মী দুলাল বৰা ব্লেকমেইলিঙৰ গোচৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ৷ পৰৱর্তী সময়ত দুলাল বৰাক ই ডি আৰু চি আই ডিয়ে গ্রেপ্তাৰ কৰাত সম্প্রতি কাৰাৰুদ্ধ হৈ আছে ৷

Comments (0)
Add Comment