দুৰ্গতক সহায়ৰ অচিলাৰে টকা লৈ উধাও ‘লেডী গেং’

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত লেডী গেঙৰ দলে সমাজবিৰোধী কার্য সংঘটিত কৰাৰ সময়তে চিলাপথাৰতো আৰম্ভ কৰিছে ধন লুটৰ অভিযান । ৩০ নৱেম্বৰৰ পুৱা প্রায় ১০ বজাত সর্বাধিক ব্যস্ততাপূর্ণ চিলাপথাৰ–জোনাই সংযোগী পথৰ জোনাকী নগৰত হঠাৎ সাতজনীয়া যুৱতীৰ দলে এখন বিলাসী বাহনৰ পৰা নামে ৷ দলটোৰ নেতৃত্বত আছিল এগৰাকী ৩০–৩৫ বছৰীয়া মহিলা ৷ বাকী চাৰিওগৰাকী ২০–২৫ বছৰ বয়সৰ ৷ দলটোৱে হাতে হাতে কলম–বহী লৈ অৱস্থান কৰে ৷ এই পথেৰে অহা–যোৱা কৰা প্রতিখন সৰু–বৰ বাহন ৰখাই আৰম্ভ কৰে ধন সংগ্রহ ৷ প্রতিজন লোকৰ পৰা দুশ টকাৰ পৰা পাঁচশ টকা পর্যন্ত বৰঙণি হিচাপে ধন সংগ্রহ কৰে ৷ আশ্চর্যৰ কথাটো হ’ল ন্যূনতম দুশ টকাৰ তলত দলটোৱে গ্রহণ নকৰে বৰঙণি ৷ ২০–৩০ টকা দিওতা কেইবাজনো লোকক ধন ওভতাই দিয়া দেখা গ’ল ৷ পদব্রজে যোৱা বাটৰুৱাও সাৰি নগ’ল এই দলটোৰ পৰা ৷ সুদূৰ ৰাজস্থানৰ ৰাণীপুৰত অলপতে সংঘটিত ভয়াৱহ প্রাকৃতিক দুর্যোগত আহত ১৫০টা দৰিদ্র শিশুক ভাত, কাপোৰ, ঘৰ আৰু শিক্ষা প্রদানত সহায় কৰিবলৈ এই ধন সংগ্রহ কৰা বুলি প্রচাৰ চলায় ৷ সলসলীয়া হিন্দী আৰু ইংৰাজী ভাষাত বার্তালাপ কৰে এই দলটোৰ সদস্যাসকলে ৷ সাতজনীয়া দলটোৱে ৰাইজৰ পৰা চকুৰ পচাৰতে এনেদৰে সংগ্রহ কৰে কেইবাহেজাৰ টকা ৷ কিছু সময়ৰ পিছতে বিষয়টো বিয়পি পৰাত ৰাইজৰ মনত সন্দেহ ওপজে ৷ স্থানীয় কেইবাজনো লোক সমৱেত হৈ তেওঁলোকক সোধা–পোছা কৰে ৷ বিপদৰ গোন্ধ পাই উক্ত সময়তে যুৱতীৰ দলটোৱে পলায়ন কৰে ৷ এনেদৰে দিন–দুপৰতে সন্দেহজনক লোকৰ দলে ৰাইজৰ ওপৰত চলালে অবাধ লুণ্ঠন ৷ এই সমাজবিৰোধী চক্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে ৷

Featured