দেশৰ অন্যতম পুৰাতত্ত্বস্থান হিচাপে বাজেটত স্থান শিৱসাগৰৰ

নিয়মীয়া বাৰ্তা, ফেব্ৰুৱাৰীঃ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰে ২০২০-২১ বৰ্ষৰ বাজেট । এই বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ পাঁচ ঐতিহাসিক স্থানক অন্যতম ৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে ।

বিত্তমন্ত্ৰীৰ এই পাঁচ পুৰাতত্ত্বস্থানৰ ভিতৰত ঠাই পালে শিৱসাগৰে । ছশবছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্য আৰু সোণালী ইতিহাসেৰে সমৃদ্ধ শিৱসাগৰলৈ এই স্বীকৃতিৰ পাচতেই এতিয়া উল্লাসিত হৈ পৰিছে প্ৰতিজন অসমীয়া ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উল্লেখ কৰা আন চাৰিটা পুৰাতত্ত্বস্থান হ’ল হাৰিয়ানাৰ ৰাখিগ্ৰহী, উত্তৰপ্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ধোলাভিৰা, তামিলনাডুৰ আদিচনল্লুৰ ।

আহোমৰ ৰাজত্বৰ সোণালী ইতিহাসৰ সাক্ষী শিৱসাগৰ অসমৰ এক অন্যতম পৰ্যটনক্ষেত্ৰ । আন্তঃগাথনি আৰু উপযুক্ত ব্যৱস্থাৰ অভাৱে বিশ্বৰ মানচিত্ৰত শিৱসাগৰক প্ৰতিষ্ঠাৰ বাবে আহি পৰিছিল বহু বাধা । ২০২০-২১ বৰ্ষৰ এই বাজেটত দেশৰ পাঁচখন পুৰাতত্ত্ব স্থানক অন্যতম ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে লোৱা এই পদক্ষেপে শিৱসাগৰক বিশ্বৰ পৰ্যটন মানচিত্ৰত অনন্যৰূপে উপস্থাপন কৰিব বুলি আশা কৰা হৈছে ।

Featured
Comments (0)
Add Comment