দেশৰ ভিতৰতে অসমত সৰ্বাধিক ধৰ্ষণ-হত্যা

নেচনেল ক্ৰাইম ব্যুৰ'ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ এফালে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ, আনহাতে নাৰীজনিত অপৰাধ – সোণোৱাল চৰকাৰৰ কাৰ্যকালত হঠাতে বৃদ্ধি পাইছে অপৰাধপ্ৰৱণতা । নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ সৰ্বশেষ প্ৰতিবেদনত এই তথ্যৰ বহিঃপ্ৰকাশ ঘটিছে । সদ্যপ্ৰকাশিত ব্যুৰ’ৰ ২০১৮ চনৰ প্ৰতিবেদনত দেখা গৈছে দেশৰ ভিতৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত লোকৰ সংখ্যা সৰ্বাধিক অসমত । পিছে অতি লজ্জাজনক বিষয়টো হৈছে ২০১৮ চনত অসমত সংঘটিত হৈছে সর্বাধিক ‘নির্ভয়া কাণ্ড’৷ অর্থাৎ বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধৰ তালিকাত দেশৰ ভিতৰত শীর্ষত থকা ৰাজ্যখনেই হৈছে অসম৷ বে–আইনী কার্যকলাপতো দেশৰ ভিতৰত শীর্ষত অসম ৷

উদ্বেগৰ বিষয়টো হৈছে ২০১৭ চনতকৈ অসমত এনে ধৰণৰ অপৰাধমূলক ঘটনা ২০১৮ চনত যথেষ্ট বৃদ্ধি পাইছে ৷ পৰিসংখ্যা অনুসৰি ২০১৮ চনত অসমত ১৭টা ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু হৈছিল ৷ এই গোচৰসমূহত গ্রেপ্তাৰ কৰা হৈছিল ২৭জন লোক, যি দেশৰ ভিতৰত সর্বাধিক৷ একেদৰে ২০১৮ চনত বে–আইনী কার্যকলাপ প্রতিৰোধমূলক আইন, চমুকৈ ‘উপা’ৰ অধীনতো দেশৰ ভিতৰত অসমতেই ৰুজু কৰা হৈছে সর্বাধিক গোচৰ৷ উক্ত চনত ‘উপা’ৰ অধীনত ৰুজু কৰা গোচৰৰ সংখ্যা হৈছে ৩০৮টা ৷ আনহাতে, বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধৰ তালিকাত দেশৰ ভিতৰত শীর্ষস্থান লাভ কৰা অসমত ২০১৮ চনত ৬৬টা এনে জঘন্য অপৰাধ সংঘটিত হৈছে৷ অথচ ২০১৭ চনত এনে অপৰাধৰ সংখ্যা আছিল ২৭টা ৷

উল্লেখ্য যে সমগ্র দেশত যোৱা বছৰত বলাৎকাৰ কৰি হত্যা কৰা ২২৩টা ঘটনা সংঘটিত হৈছিল৷ বাস্তৱত মহিলাৰ ওপৰত উৎপীড়নৰ ঘটনা দেশজুৰি বৃদ্ধি পাইছে৷ সমগ্র দেশত এনে ধৰণৰ অপৰাধৰ সংখ্যা হৈছে ৩,৭৮,২৭৭টা, যি ২০১৭ চনতকৈ ৭ শতাংশ বেছি৷ আনহাতে, কাশ্মীৰতকৈ অসমত ৰাষ্ট্রদ্রোহ গোচৰৰ সংখ্যা অধিক হোৱাটো যথেষ্ট লক্ষণীয় বিষয় হৈ পৰিছে৷ অসমত ৰুজু হোৱা ১৭টা ৰাষ্ট্রদ্রোহ গোচৰৰ বিপৰীতে কাশ্মীৰত ৰুজু হোৱা এই গোচৰৰ সংখ্যা হৈছে ১২টা৷ ইয়াৰ পাছতেই আছে কেৰালাৰ ৯টা আৰু মণিপুৰৰ ৪টা গোচৰ৷ উল্লেখ্য যে ২০১৮ চনত সমগ্র দেশত ৰুজু হোৱা ৰাষ্ট্রদ্রোহ গোচৰৰ সংখ্যা হৈছে ৭০টা৷ ২০১৭ চনত ৰুজু হৈছিল ৩৫টা গোচৰ৷ অর্থাৎ এটা বছৰত ৰাষ্ট্রদ্রোহ গোচৰৰ সংখ্যা এশ শতাংশ বৃদ্ধি পালে৷

Featured
Comments (0)
Add Comment