দৈজিং উৎসৱত দেশী-বিদেশী পৰ্যটকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উদুলি-মুদুলি দৈজিং । চিৰাঙত অসম পৰ্যটন বিভাগৰ উদ্যোগত বি টি চি পৰ্যটন বিভাগৰ সহযোগত চলি থকা দৈজিং উৎসৱৰ আজি চতুৰ্থ দিন ৷ আই নদীৰ পাৰত অনুষ্ঠিত দৈজিঙলৈ এইবাৰো আগমন ঘটিছে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ ।

হাতী চাফাৰী, পেৰাগ্লাইডিঙত, হট এয়াৰ বেলুন ৰাইড, হেলিকপ্তাৰ ৰাইডিং কৰি আনন্দিত হৈ পৰিছে পৰ্যটকসকল । কোনোৱাই যদি বিভিন্ন ধৰণৰ থলুৱা খাদ্যৰ জুতি লোৱাত ব্যস্ত হৈ পৰিছে, তাৰ বিপৰীতে আন কোনোয়ে হাতী চাফাৰী, পেৰাগ্লাইডিঙ আৰু হেলিকপ্টাৰত উঠি ব্যস্ত হৈ পৰা দেখা গৈছে ৷

উল্লেখ্য যে ২৩ ডিচেম্বৰৰ পৰা চিৰাঙৰ আই নদীৰ পাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হৈছে দৈজিং উৎসৱ ।

Featuredদৈজিং উৎসৱ
Comments (0)
Add Comment