ধৰ্মৰ নামত সভাঃ ইছলামিক সাহিত্য সভাক সকীয়নি সদৌ অসম ছাত্ৰ সন্থাৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসমত নতুনকৈ গঠন হোৱা ইছলামিক সাহিত্য সভাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সকীয়নি । দেওবাৰৰ পৰা অসম ইছলামিক সাহিত্য সভা নামৰ সংগঠনটোৰ এখন বিশেষ পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতেই এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন ।

সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদমাধ্যমক সম্বোধন কৰি ধৰ্মৰ নামত এনেদৰে সাম্প্ৰদায়িক বীজ নিসিঁচিবলৈ আহ্বান জনায় । অসমত ধৰ্মৰ নামত কোনে দিনে সাহিত্য-সংস্কৃতি হোৱাৰ নজিৰ নাই বুলি উল্লেখ কৰি বিভাজনমুখী এনে কাৰ্য নকৰিবলৈ সকীয়াই দিয়ে আছুৰ সভাপতি গৰাকীয়ে ।

ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে, ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰি ধ্বংস নকৰিব সমাজ । অসম তথা ভাৰতবৰ্ষত ধৰ্মীয় দৃষ্টিৰে গঠিত হোৱা কোনোধৰণৰ সাহিত্য অথবা সংস্কৃতিকে আছুৱে গ্ৰহণ নকৰে বুলি কয় । সি লাগিলে মুছলমান, হিন্দু অথবা অন্য যিকোনো ধৰণৰ সাম্প্ৰদায়িকতাই নহওঁক । সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় নিদিবলৈও আহ্বান জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

Featured
Comments (0)
Add Comment