নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ শ্ৰীমন্ত শংকৰদেৱ বঁটাকে ধৰি কুৰিৰো অধিক সন্মানেৰে বিভূষিত পণ্ডিত তথা মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মঙলবাৰে মহাপ্ৰয়াণ ঘটে ৷

ইপিনে নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্যমন্ত্ৰী ড০  শৰ্মাই টুইটাৰে যোগে কয় – “নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্রীশ্রী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী দেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ।শ্ৰীমন্ত শংকৰদেৱ বঁটাকে ধৰি কুৰিৰো অধিক সন্মানেৰে বিভূষিত পণ্ডিত গৰাকীৰ প্ৰয়াণ সমাজ জীৱনৰ বাবে এক অপুৰণীয় ক্ষতি।তেখেতৰ বৈকুণ্ঠগামী পূন্যাত্মাই চিৰশান্তি লাভ কৰক।”