নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুখ্যমন্ত্রীৰ সভাকক্ষত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ছপা কৰি প্রস্তুত কৰি উলিওৱা নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ উল্লেখ্য যে যোৱা ২১ অক্টোবৰত কেবিনেটে নতুন ভূমি নীতি ২০১৯ ত অনুমোদন জনাইছিল ৷ সুদীর্ঘ ৩০ বছৰৰ পাছত ৰাজহ দুর্যোগ ব্যৱস্থাপনা বিভাগে এই ভূমি নীতি প্রস্তুত কৰে ৷ ১৯৮৯ চনত অন্তিমবাৰৰ বাবে ৰাজ্যৰ ভূমি নীতি প্রস্তুত কৰা হৈছিল ৷ আনহাতে, বৃহস্পতিবাৰৰ এই অনুষ্ঠানতে ২০০৭ চনৰ পৰা এতিয়ালৈকে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা সকলো নীতি, নির্দেশনা ইত্যাদি সামৰি প্রস্তুত কৰা এখন সংকলনো মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে চৰকাৰে থলুৱা জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে এখন নতুন ভূমি নীতি প্রস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছিল ৷ এই নতুন ভূমি নীতিয়ে অকল থলুৱা লোকৰ স্বার্থ সুৰক্ষিত কৰাই নহয়, ভূমিৰ ক্ষেত্রত সুদীর্ঘ সময় ধৰি থকা বহু জটিলতা আঁতৰ কৰাৰ ক্ষেত্রত সহায়ক হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয় ৷ আনহাতে মুখ্যমন্ত্রীয়ে এই ভূমি নীতি ছপা আকাৰে প্রস্তুত কৰাৰ বাবে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ এই অনুষ্ঠানত ৰাজহ দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্রী ভবেশ কলিতা, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু বিভাগটোৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল ৷