নতুন যানবাহন আইনৰ জৰিয়তে ৫৭৭ কোটি টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ দেশজুৰি নতুন যান-বাহন আইন প্ৰয়োগ হোৱাৰ পিছৰে পৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৩৮ লাখ চালান কটা হৈছে । অৰ্থাৎ যান-বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনে এই চালানবোৰ ইছ্যু কৰা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰিয়ে লোকসভাত উত্থাপিত প্ৰশ্নৰ উত্তৰত উল্লেখ কৰিছে । লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি , ১ ছেপ্টেম্বৰৰ পৰা এই চালানবোৰ ইছ্যু কৰি জৰিমনা হিচাৰে ৫৭৭ কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে । স্মৰ্তব্য যে সংশোধিত যান-বাহন আইন ১ ছেপ্টেম্বৰৰ পৰা দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বলৱৎ হৈছে । এই তথ্য মন্ত্ৰীগৰাকীয়ে লাভ কৰিছে চণ্ডীগড়, পুডুচেৰী, অসম, ছত্তিশগড়, উত্তৰ প্ৰদেশ, ওড়িশা, দিল্লী, ৰাজস্থান, বিহাৰ, দাদৰ-নগৰ হাভেলী, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰ,হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা ।

Featured