নন্–পাৰফর্মিং বিধায়কে নাপায় প্রার্থিত্ব

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ চৰকাৰবিৰোধী আন্দোলনৰ মাজতে ২০২১ চনৰ বিধানসভা নির্বাচনলৈ সাজু হৈছে বিজেপি ৷ শাসকীয় দলটোৰ এইবাৰ লক্ষ্য ১০০খন আসন ৷ এই লক্ষ্য আগত ৰাখিয়েই আগন্তুক নির্বাচনত প্রার্থিত্ব প্রদানৰ ক্ষেত্রত ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে নতুন চিন্তা–চর্চা ৷ শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ স্পষ্ট ঘোষণা– পাৰদর্শিতাৰ দেখুৱাব নোৱাৰা বিধায়কে লাভ নকৰিব দলীয় প্রার্থিত্ব ৷ বিধায়ক হিচাপে যদি সফল নহয়, তেন্তে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত ৷ উল্লেখ্য যে ২০২১ চনৰ বিধানসভা নির্বাচনক লৈ যথেষ্ট আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰিছে শাসকীয় দলটোৱে ৷ ‘কা’বিৰোধী প্রতিবাদৰ মাজতে সংকল্প সমাৰোহ অনুষ্ঠিত কৰি নির্বাচনৰ বাবে দলীয় কর্মী তথা কার্যকর্তা সাজু কৰি তোলা বিজেপিয়ে দলীয় প্রার্থিত্বৰ ক্ষেত্রতো সেয়েহে যথেষ্ট সাৱধানতাৰে আগবঢ়াৰ পৰিকল্পনা কৰিছে ৷ এই পৰিকল্পনাৰ কথা শনিবাৰে সদৰী কৰি সভাপতি ৰঞ্জিত দাসৰ মন্তব্য–বিগত সময়ছোৱাত বিধায়কসকলে নিজ নিজ সমষ্টিত কি কি কাম কৰিলে, তাৰ ওপৰত সমীক্ষা চলোৱাৰ বাবে দলে পৰিকল্পনা কৰিছে ৷ বিধায়ক হিচাপে সফল নোহোৱা নন–পাৰফর্মিং জনপ্রতিনিধি প্রার্থিত্বৰ পৰা বঞ্চিত হ’ব ৷ দিছপুৰৰ চৰকাৰী আৱাসত শনিবাৰে এখন সংবাদ মেল আয়োজন কৰি সভাপতিগৰাকীয়ে ইয়াকো কয়– প্রতিটো সমষ্টি ভ্রমণ কৰি বুথ পর্যায়ত বিধায়কৰ কাম–কাজৰ পর্যালোচনা কৰা হ’ব ৷ কিয়নো আমাৰ লক্ষ্য হৈছে ১০০খন আসন৷ গতিকে ১০০খন আসনৰ লক্ষ্য পূৰাবলৈ আমি নিশ্চিতভাৱে জয়ী হ’ব লগা প্রার্থীকেই প্রার্থিত্ব প্রদান কৰিম ৷

মন কৰিবলগীয়া যে ‘কা’বিৰোধী প্রতিবাদৰ বিপৰীতে ২০২১ চনত পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে ইতিমধ্যে প্রতিটো সমষ্টিতে আৰম্ভ হৈছে বিজেপিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কুচকাৱাজ ৷ ইতিমধ্যে কেইবাখনো সংকল্প সমাৰোহ অনুষ্ঠিত কৰাৰ পাছত অহা ২৩ ফেব্রুৱাৰীত ডিব্রুগড়ত অনুষ্ঠিত কৰিব আন এক বৃহৎ সংকল্প সমাৰোহ ৷ ডিব্রুগড়ৰ পাছতেই তিনিচুকীয়া আৰু চৰাইদেউতো অনুৰূপ ধৰণে অনুষ্ঠিত হ’ব বৃহৎ দলীয় সভা ৷ নির্বাচনক লক্ষ্য কৰি এনেদৰে দলটোৱে প্রস্তুতি চলোৱাৰ সময়তে একাংশ দুর্বল বিধায়কৰ বিৰুদ্ধে তৃণমূল পর্যায়ত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তৃণমূল কর্মীৰ অভিযোগৰ ভিত্তিতেই ২০২১ চনৰ নির্বাচনৰ পূর্বেই বিধায়কসকলৰ পাৰদর্শিতাৰ দিশটো পৰীক্ষা কৰাৰ বাবে সমীক্ষা চলোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্যিক বিজেপিয়ে ৷ সভাপতি ৰঞ্জিত দাসে এই সন্দর্ভত কয়– প্রতিটো সমষ্টিৰ মণ্ডল পর্যায়ত বিধায়কৰ কাম–কাজৰ সমীক্ষা চলোৱা হ’ব ৷ এই সমীক্ষাৰ পৰাই বিধায়কসকলৰ ৰিপ’ট কার্ড প্রস্তুত কৰা হ’ব ৷ ইয়াৰ ভিত্তিতেই দলীয় প্রার্থিত্ব নির্ধাৰিত হ’ব ৷

ইফালে সংবাদ মেলত ‘কা’বিৰোধী প্রতিবাদ সন্দর্ভত সভাপতি ৰঞ্জিত দাসে কয়– বর্তমান চৰকাৰখনে ৭০ শতাংশ উন্নয়নমূলক কাম–কাজ কৰিবলৈ সক্ষম হৈছে ৷ ৩০ শতাংশহে কাম কৰিবলৈ বাকী আছে ৷ এনে অৱস্থাত ‘কা’বিৰোধী আন্দোলনত জড়িত লোকসকলেও সমগ্র বিষয়টোক লৈ দোমোজাত পৰিছে ৷ চৰকাৰখনে সকলো ধৰণৰ ভাল কাম কৰাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী আইনক লৈ চলা উৰাবাতৰি আৰু প্রৰোচনামূলক মন্তব্যই বহু লোকক দোমোজাত পেলাইছে ৷ গতিকে আইনখনৰ বিধি প্রস্তুত হোৱাৰ পাছত এই সকলো দোমোজা আঁতৰি গ’লে আন্দোলনত অংশ লোৱা অধিকাংশ লোকেই বিজেপিকেই ভোট দিব ৷ আনহাতে, শ্রীমন্ত শংকৰদেৱ সংঘক লৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্য সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয়– লুৰিণজ্যোতি গগৈৰ মন্তব্যই প্রতিজন বৈষ্ণৱ ভক্তক ব্যথিত কৰিছে ৷ আছু নেতাজনৰ এই মন্তব্যৰ বিপৰীতে কিন্তু উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই এনেধৰণৰ কথা কোৱা নাই৷ গতিকে আমি সমুজ্জ্বল ভট্টাচার্যক আহ্বান জনাওঁ যে শংকৰ সংঘক লৈ বা ৰাজ্যৰ আন জাতীয় অনুষ্ঠানক লৈ বিতর্কৰ সৃষ্টি কৰিব নালাগে ৷ লুৰিণজ্যোতি গগৈৰ বয়স কম কাৰণেই হয়তো এনে মন্তব্য আগবঢ়াইছে ৷ বয়স কম, সপোন আগতে দেখিছে ৷ আগতে এবাৰ আৱেগক গুৰুত্ব দি ৰাইজে এজনক মুখ্যমন্ত্রী পাতিলে ৷ বাৰে বাৰে ৰাইজে এনে ভুল নকৰে ৷ যদি এজন মুখ্যমন্ত্রীক ‘হেৰ’ সর্বানন্দ’ বুলি সম্বোধন কৰে, তেন্তে নতুনসকলে ইয়াৰ পৰা কি শিকিব? লুৰিণজ্যোতি গগৈক মই আহ্বান জনাওঁ– অসমক সঠিকভাৱে আগবঢ়াই নিবলৈ এজন অসমীয়া হিচাপে তেওঁৰো নৈতিক দায়িত্ব আছে ৷

ইফালে আলফা–চৰকাৰৰ শান্তি আলোচনাৰ প্রসংগ উত্থাপন কৰি ৰঞ্জিত দাসে কয়– পৰেশ বৰুৱাক মই আহ্বান জনাইছোঁ, স্বাধীন অসমৰ দাবী প্রত্যাহাৰ কৰি বাকী দাবীসমূহ লৈ তেওঁ আলোচনালৈ আহক৷ বড়োসকলে যেনেকৈ বড়ো জাতিৰ বাবে সকলো কৰিলে, ঠিক তেনেদৰে পৰেশ বৰুৱায়ো যদি আলোচনাৰ মেজলৈ আহে, তেন্তে অসমীয়া জাতিৰ সর্বাংগীণ উন্নয়নৰ বাবে বহু কৰিব পাৰিব৷ এয়া পৰেশ বৰুৱাৰ বাবে সুৱর্ণ সুযোগ৷ পূর্বে আমি বহু হেৰুৱালোঁ ৷ এতিয়া লোৱাৰ সময়৷ যদি আলোচনালৈ নাহে, তেন্তে অসমীয়া জাতিৰ ক্ষতি হ’ব৷ মন কৰিবলগীয়া যে আলফা (স্বাধীন)ৰ সৈতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাই নহয়, সোনকালে আলোচনা আৰম্ভ কৰাৰ বাবেও প্রস্তুতি আৰম্ভ কৰিছে৷ কালি কোকৰাঝাৰলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদীক এই আলোচনা সম্পর্কে সবিশেষ অৱগত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই ৷ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে শ্বার্জিল ইমামৰ প্রসংগ উত্থাপন কৰি জে এন ইউৰ ছাত্রজনে কৰা মন্তব্যক দিল্লীবাসীয়েও তীব্র ভাষাৰে গৰিহণা দিয়াৰ কথা উল্লেখ কৰে ৷ দিল্লীৰ বিধানসভা নির্বাচনৰ প্রচাৰৰ সময়ত ভাৰতৰ পৰা অসমক খণ্ডিত কৰাৰ বাবে শ্বার্জিল ইমামে কৰা মন্তব্যক লৈ দিল্লীবাসীয়ে ক্ষোভ প্রকাশ কৰাৰ কথাও ৰঞ্জিত দাসে জানিবলৈ দিয়ে ৷

Featured
Comments (0)
Add Comment