বন্ধন আতংক : আত্মহত্যা এজনৰ

ঋণ পৰিশোধ কৰিব নোৱাৰি নগাঁৱৰ খগেন বৰাই বাচি ল'লে আত্মহত্যাৰ পথ ।

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ একাংশ বেংক , বিত্তীয় প্ৰতিষ্ঠান আৰু গোটে কেতবোৰ দৰিদ্ৰ লোকক ঋণ প্ৰদান কৰি সেই ঋণৰ কিস্তি আদায়ৰ নামত তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে । বহুক্ষেত্ৰত ঋণৰ বোজা সহিব নোৱাৰি একাংশই আত্মহত্যাৰ পথ বাচি লোৱাৰ কথা কোনো নতুন নহয় । তেনে এক অনুৰূপ ঘটনাই সংঘটিত হ’ল নগাঁৱৰ উৰিয়াগাঁৱৰ চুতীয়া গাঁৱত । খগেন বৰা ওৰফে বাপধন বৰা নামৰ এজন লোকে বন্ধন গোটৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি দেওবাৰে নিশা আত্মহত্যা কৰে । উল্লেখ্য যে, খগেন বৰাই স্থানীয় এটা বন্ধন গোটৰ পৰা কিছু টকা ঋণ লৈ প্ৰতি সপ্তাহতে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল । ঠিক তেনেদৰে সোমবাৰেও কিস্তি আদায়ৰ দিন পৰিছিল যদিও দেওবাৰে টকা যোগাৰ কৰিবলৈ অসমৰ্থ হৈ নিশা প্ৰায় ১১ বজাত বাৰীৰ পিচফালৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে ব্যক্তিজনে । এই ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । স্মৰ্তব্য যে, খগেন বৰাই দিন-হাজিৰা কৰি পত্নী আৰু চাৰি সন্তানক অতি কষ্টৰে পোহপাল দি আছিল ।

bandhan bankkhagen boranagaonNIYAMIA BARTAsuicide