নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ অনশনঃ অভিনেতা অৰুণ হাজৰিকৰো অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ‘অসমৰ ছাইন বোর্ডত আমি ‘ৰ’টো ফুট থকা ‘ৰ’ হ’বলৈ নিদিওঁ ৷ অভিনেতা হিচাপে আমি নাগৰিকত্ব সংশোধনী আইন নামানো বুলি শনিবাৰে বোকাখাতত মন্তব্য কৰে জনপ্রিয় অভিনেতা অৰুণ হাজৰিকাই ৷ বোকাখাত মহকুমা ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুৱাৰে পৰা বোকাখাত নগৰত ১০ ঘণ্টীয়া গণ অনশন কার্যসূচী পালন হয় ৷

এই গণ অনশনত অংশগ্রহণ কৰে অসমৰ জনপ্রিয় অভিনেতা অৰুণ হাজৰিকাই ৷ এই কার্যসূচীত বোকাখাত প্রেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইলেক্ট্রনিকছ মিডিয়া জার্নেলিষ্ট এছ’চিয়েচনৰ সমূহ সাংবাদিকে অংশগ্রহণ কৰে ৷

অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় উপ–সভাপতি দীপক হাজৰিকা, মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ গগৈৰ নেতৃত্বত শতাধিক সদস্যই অংশগ্রহণ কৰে ৷ অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিয়ে ইতিমধ্যেই নাগৰিকত্ব সংশোংধনী আইনৰ বিৰোধিতা কৰা বুলি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে ৷ জিলা সভাপতি জগত কলিতাই ইতিমধ্যেই এই কথা অৱগত কৰিছে ৷

Featured
Comments (0)
Add Comment