নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত শুকুৰবাৰে কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হোৱা জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ ৰাহুল গান্ধীক সমালোচনা কৰে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে দিল্লীৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত “যুৱপ্ৰজন্মই মোদীক লাঠিৰে কোবাব” বুলি কোৱা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছুমান লোকে মোক লাঠিৰে কোবোৱাৰ কথা কয় কিন্তু যাৰ ওচৰত ইমান সংখ্যক ভাই-ভনী আৰু মাৰ আশীৰ্বাদ আছে, তেওঁ কেতিয়াও লাঠিৰ কোবলৈ ভয়ভৃত নহয় বুলি যোগ্য প্ৰত্যুত্তৰ দিয়ে।

উল্লেখ্য যে বড়ো চুক্তিৰ বিজয় উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে কালি বিয়লিৰে পৰা কোকৰাঝাৰত উপস্থিত হৈছে বহু দূৰ–দূৰণিৰ পৰা অহা কেইবাসহস্রাধিক লোকে ৷

BJPFeaturedPrime Minister Narendra Modi
Comments (0)
Add Comment