‘নিয়মীয়া বার্তা’, ‘ৰামধেনু’লৈ বিজু ফুকন স্বীকৃতি বঁটা

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ব্রহ্মপুত্রৰ দুয়োপাৰ জিলিকাই তোলাত অনবদ্য বৰঙণি আগবঢ়োৱা সেৱাৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ ‘নিয়মীয়া বার্তা’ আৰু ‘ৰামধেনু’ চেনেলক বুধবাৰে বিজু ফুকন স্বীকৃতি বঁটা, ২০১৯ প্রদান কৰে ৷ ৰয়েল এফাইৰছৰ উদ্যোগত গুৱাহাটীৰ নেডফি হাউছৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ৰ হৈ বঁটা গ্রহণ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ বাণিজ্যিক মুৰব্বী পঞ্চম চন্দই ৷ ৯ বছৰীয়া সফল পৰিক্রমাৰে জনপ্রিয় হৈ উঠা মিউজিক চেনেল ‘ৰামধেনু’ৰ হৈ বঁটা গ্রহণ কৰে চেনেলটোৰ মুৰব্বী পৰীক্ষিত কলিতা আৰু অনুষ্ঠান মুৰব্বী অনুপম মহন্তই ৷ অনুষ্ঠানত শিক্ষা, সমাজ, উদ্যোগ, চলচ্চিত্র, সংবাদ মাধ্যমকে ধৰি ৩০টা শিতানত বঁটা প্রদান কৰা হয় ৷

Featured
Comments (0)
Add Comment