‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ উপ-সম্পাদক ৰহমান আলীৰ দেহাৱসান

'নিয়মীয়া বাৰ্তা'ৰ জ্যেষ্ঠ উপ-সম্পাদক মৃত্যু

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্ৱৰঃ জ্যেষ্ঠ সংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ৰহমান আলীৰ বুধবাৰে নিশা আকস্মিকভাৱে মৃত্য হয়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্য়ু হোৱা ৰহমান আলীৰ বয়স আছিল ৫৯ বছৰ। বুধবাৰে পুৱা প্ৰায় ১১ বজালৈ মহানগৰীৰ সৰুমটৰীয়াস্থিত ভাৰাঘৰৰ দুৱাৰ নোখোলাত ভাৰাঘৰৰ চৌহদৰ আন লোকসকলৰ সন্দেহ উপজে। যথেষ্ঠ সময়ৰ পিছত দুপৰীয়া প্ৰায় ২বজাত ওচৰৰ লোকসকলে ভাৰাঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰাত মৃত অৱস্থাত উদ্ধাৰ কৰে আলীক। সন্ধিয়া প্ৰায় ৫.৩০ বজাত তেখেতৰ নশ্বৰ দেহ ছিপাঝাৰস্থিত বাসগৃহলৈ লৈ যোৱা হয়। তেখেতৰ মৃত্যুত ‘নিয়মীয়া বাৰ্তা’ৰ পৰিয়ালবৰ্গই শোকপ্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কাৰ্যালয়ত শোকসভা অনুষ্ঠিত কৰে। আলীৰ মৃত্যুত মুখ্যমন্ত্ৰী সোণোৱালে শোক প্ৰকাশ কৰি কয় যে ৰাজ্যৰ সংবাদজগতৰ প্ৰতি আগবঢ়াই যোৱা অৰিহনা সদায় স্মৰণীয় হৈ থাকিব। তেখেতৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থা, অসম ক্ৰীড়া সাংবাদিক সন্থা, অসম ক্ৰিকেট সন্থাকে ধৰি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰে। অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য পালন কৰা আলীৰ মৃত্যুত নিয়মীয়া বাৰ্তাকে ধৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰতিগৰাকী সদস্যই শোক প্ৰকাশ কৰে।

'নিয়মীয়া বাৰ্তা'ৰ জ্যেষ্ঠ উপ-সম্পাদক মৃত্যু
Comments (0)
Add Comment