নৱবৰ্ষৰ পহিলা দিনটোতো নিমাওমাও প্ৰকৃতিৰাণী

পতাকা উত্তোলন–স্মৃতিগ্রন্থ উন্মোচনেৰে চানডুবি উৎসৱৰ আনুষ্ঠানিকতা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ  প্ৰতিবছৰে নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা আৰম্ভ হয় চানডুবি উৎসৱ । পিচে এইবাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছিল এই চানডুবি উৎসৱ ।

দক্ষিণ কামৰূপৰ ৰাভা হাছং এলেকাৰ মেঘালয় সীমান্তৱর্তী ৰাজাপাৰাত অৱস্থিত ঐতিহাসিক বিলখনৰ অনুপম জৈৱ–বৈচিত্র্যৰ সংৰক্ষণ তথা নৃগোষ্ঠীয় কলা–কৃষ্টি লোকাচাৰৰ সমাহাৰেৰে উল্লেখনীয় পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াসেৰে স্থানীয় ৰাভা জাতীয় সংগঠনে ৰাইজৰ সহযোগত চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে৷ তেনেক্ষেত্রত বিগত বর্ষবোৰৰ দৰে এইবেলিও বিলখনৰ সেউজ পৰিৱেশৰ মাজত পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কার্যসূচীৰে দশম বার্ষিক উক্ত উৎসৱ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছিল৷ কিন্তু নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত থকা গণ সংগ্রামৰ প্রতি সমর্থন জনাই এই উৎসৱ বাতিল কৰে উদ্যাপন সমিতিয়ে৷

ইপিনে উৎসৱৰ সকলো কার্যসূচী বাতিল কৰাৰ বিপৰীতে ধাৰাবাহিক আৰু মাংগলিক অনুষ্ঠানৰ প্রতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ মাত্র দুটাকৈ কার্যসূচী ৰূপায়ণ কৰা হয়৷ উৎসৱৰ প্রথম কার্যসূচীৰ অংশ ৰূপে পুৱা পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি জীৱন ৰাভাকে ধৰি কেইবাজনো বিষয়ববীয়াই৷ তদুপৰি স্মৃতিগ্রন্থ ‘লকেয়া’ উন্মোচন কৰে বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ভুবিন ৰাভাই৷

Comments (0)
Add Comment