পবিতৰা অভয়াৰণ্যত মৃত গঁড় উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পবিতৰা অভয়াৰণ্যত মঙলবাৰে পুৱা এটি গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় ৷ টুপলুং বন শিবিৰৰ সমীপত মৃত অৱস্থাত প্রাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহটো প্রথমে প্রত্যক্ষ কৰে পবিতৰাৰ এটা টহলদাৰী দলে ৷ অৱশ্যে অক্ষত অৱস্থাত আছে গঁড়ৰ খর্গটো ৷ আন গঁড়ৰ সৈতে হোৱা যুঁজত গঁড়টো আঘাতপ্রাপ্ত হৈছিল বুলি জানিবলৈ দিয়ে বন বিভাগে ৷ ফলত বিগত কেইবাদিন ধৰি অসুস্থ হৈ আছিল প্রাপ্তবয়স্ক গঁড়টো ৷

Comments (0)
Add Comment