হেকাৰৰ নতুন ফন্দিঃ পাকিস্তানৰ নম্বৰেৰে হোৱাটছএপ গ্রুপ খুলি অসমৰ শ শ লোকক মেছেজ

বেংকৰ ধন লুণ্ঠনৰ নতুন ফন্দি হেকাৰৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ নতুন নতুন ফন্দিৰে বেংকৰ সাঁচতীয়া ধন উলিয়াই নিয়া হেকাৰে এইবাৰ আন এক ফন্দিৰে ৰাজ্যৰ সহজ-সৰল লোকক লুণ্ঠনৰ কৌশল ৰচনা কৰিছে । শেহতীয়াকৈ পাকিস্তানৰ +923144219016 নম্বৰ এটাৰে হোৱাটছৱাপত গুড নিউজ নামেৰে এটা গ্ৰুপ খুলি অসমৰ শ শ লোকক সংযোগ কৰিছে । নিয়মীয়া বাৰ্তা কাকতৰ চতিয়াৰ প্ৰতিবেদনককো এই গ্ৰুপত এড কৰে । সন্দেহজনক নম্বৰটো প্রত্যক্ষ কৰি এই প্রতিবেদকে লগে লগে চতিয়া আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীক মৌখিকভাৱে অৱগত কৰে৷ কম্পিউটাৰ ছফট্ৱেৰ বিশেষজ্ঞই জনোৱা মতে, বিদেশৰ নম্বৰেৰে খোলা গ্রুপত এড কৰাসকললৈ কিছুমান উপহাৰ দিয়াৰPrize link আহিব৷ এই লিংকবিলাকত ক্লিক কৰিলে ৰেনচম ৱেৰ, স্পাই ৱেৰ, মেলৱেৰ ৱেৰৰ দৰে মেলিচিয়াচ ছফটৱেৰ ম’বাইলটোত ইনষ্টল হ’ব৷ ৰেনচম ৱেৰ ছফ্টৱেৰে ম’বাইলটোত থকা সকলো ডাটা নেদেখা কৰি পেলাব, ইয়াৰ পিছত ডাটাবিলাক পুনৰ উপলব্ধ কৰাবলৈ ম’বাইলৰ গৰাকীৰ পৰা ধন দাবী কৰিব৷ স্পাই ৱেৰ নামৰ মেলিচিয়াছ ছফটৱেৰটোৰ সহায়ত ফোনৰ গৰাকীয়ে কালৈ ফোন কৰিছে, ফোনত থকা গোপনীয় তথ্য, ফটো ইত্যাদিবোৰ ফোনৰ গৰাকীৰ অজ্ঞাতেই চুৰি কৰিব৷ মেলৱেৰ ৱেৰ নামৰ ছফটৱেৰটোৰ সহায়ত ফোনটো অকামিলা কৰিব পাৰে৷ প্রলোভনৰ জাল মেলি ফান্দত পেলাই বিদেশত বহি থকা হেকাৰবোৰে ম’বাইলত ৰখা তথ্যৰ সহায়তেই চাইবাৰ ক্রাইম সংঘটিত কৰি আহিছে বুলি বিশেষজ্ঞই জনাইছে৷ এনেধৰণৰ বিদেশৰ পৰা অহা ম’বাইল নম্বৰৰ লগত যোগাযোগ নকৰাৰ পৰামর্শ দিয়াৰ লগতে সামাজিক গণমাধ্যমত কাৰোবাক এড কৰিলে লগে লগে ব্লক মাৰিব লাগে বুলি বিশেষজ্ঞই জনাইছে৷

Featured
Comments (0)
Add Comment