পাণ খোৱাৰ চলেৰে ৰভাতলী এৰিলে দৰাই

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ সকলো ঠিক মতেই আছিল । ৬ মাহৰ পূৰ্বে চিনাকি হৈ নিবিড় হৈছিল প্ৰেম , এমাহৰ পাচতেই আকৌ আঙঠি পিন্ধোৱা পৰ্ব । প্ৰেমিকযুগলৰ পৰিয়ালৰ সন্মতি সাপেক্ষে এনেদৰেই আগবাঢ়িছিল গুৱাহাটী মহানগৰীৰ আঠগাঁৱৰ যুৱক বিজু সৰকাৰ আৰু হোজাইৰ প্ৰেমিকা । যোৱা শনিবাৰে সামাজিক ৰীতি-নীতি আৰু মাংগলিক কৰ্মৰ মাজেৰে সম্পন্ন হৈছিল দুয়োৰে বিবাহ । অৱশ্যে বিবাহৰ পৰৱৰ্তী অৰ্থাৎ বাহি বিয়াৰ দিনাই লাগিল কেণা । ন কইনাক বিদায় দিবলৈ সাজু হোৱাৰ পৰতে দৰা বিজুৱে পাণ খাবলৈ যাওঁ বুলি বাহিৰলৈ আহি অন্তৰ্ধান হোৱা ঘটনাই হতচকিত কৰিছিল সকলোকে ।

পাণ খাবলৈ যোৱা বিজু অৱশ্যে উভতি নাহিল ন কইনাক লগত নিবলৈ । অৱশেষত খবৰ দিয়া হ’ল আৰক্ষীক । ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ বৰযাত্ৰী সকলক জেৰা চলোৱাৰ লগতে আৰক্ষীৰ অভিযান আৰম্ভ হ’ল বিজুক বিচাৰি । পাণ খাবলৈ যোৱা বিজুৰ অৱশ্যে কইনাক লগত নিয়া নহ’ল , লামডিং আৰক্ষীয়েহে বিজুক আটক কৰি আদৰি আনিলে ৰঙাঘৰলৈ । ইমানতে অৱশ্যে ক্ষান্ত নাথাকিল বিজু । দীৰ্ঘদিনীয়া প্ৰেম আৰু বিবাহক সামাজিক ৰীতি-নীতিৰে নোহোৱাৰ অভিযোগ তুলি সাংবাদিকৰ আগত দায় সৰা মন্তব্য দিলে ভণ্ড প্ৰেমিকজনে । অৱশ্যে বিজুৱে কিয় ৰভাতলী এৰি পলায় গ’ল সেই কথা এতিয়া ৰহস্যঘন হৈয়ে আছে ।

Featured