পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি পদত অধিষ্ঠিত ৰঞ্জিত দাস

ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকৰ টুইট

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে পুনৰ নির্বাচিত হৈছে ৰঞ্জিত কুমাৰ দাস৷ শুক্ৰবাৰে ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে টুইটাৰযোগে দাসক অভিনন্দন জ্ঞাপন কৰে৷ নিজৰ টুইটাৰ হেণ্ডেলত সন্তোষে লগতে আশা প্রকাশ কৰে যে এটা পূর্ণাংগ কার্যকালৰ বাবে সভাপতি হিচাপে নির্বাচিত হোৱা দাসৰ নেতৃত্বত অসম ৰাজ্যিক বিজেপিয়ে এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে অহা ১৮ জানুৱাৰীত অসম প্রদেশ বিজেপিৰ সভাপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ লগতে ১৯ জানুৱাৰীৰ পৰা দলটোৰ ৰাষ্ট্রীয় সভাপতি আৰু বিষয়ববীয়াৰ নির্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু বিজেপি হাইকমাণ্ডৰ সিদ্ধান্তমর্মে আন কোনো নেতাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি পদত প্রতিদ্বন্দ্বিতা আগনবঢ়োৱাটো নিশ্চিত হ’ল৷ তাৰ পাছতে শুক্ৰবাৰে বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে এক টুইটযোগে সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক এটা পূর্ণাংগ কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ ইফালে, ৰাজ্যিক বিজেপিৰ এক সূত্রই জানিবলৈ দিয়া মতে কাইলৈ কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান অসমলৈ আহিব আৰু তেৱেঁই সভাপতি হিচাপে ৰঞ্জিত কুমাৰ দাসৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, মন্ত্রীসভাত খালী হৈ থকা তিনিখন আসনৰ ভিতৰত ৰঞ্জিত কমাৰ দাসেও স্থান পাব বুলি ব্যাপক চর্চা চলিছিল যদিও সেই সম্ভাৱনা সূত্রটোৱে নস্যাৎ কৰিছে৷ কিয়নো ৰঞ্জিত কুমাৰ দাসে একমাত্র প্রার্থী হিচাপে ৰাজ্যিক সভাপতি পদৰ বাবে পুনৰবাৰ মনোনয়ন–পত্র দাখিল কৰিছে৷

Comments (0)
Add Comment